অসম

assam

ETV Bharat / briefs

প্ৰথমবাৰৰ বাবে স্থগিত বিশ্ব প্ৰসিদ্ধ বৰঘৰ ধনু যাত্ৰা - বৰঘৰ ধনু যাত্ৰা বাতিল

ক'ভিড মহামাৰীৰ ফলত প্ৰথমবাৰৰ বাবে বাতিল কৰা হয় উড়িশাৰ প্ৰসিদ্ধ বৰঘৰ ধনু যাত্ৰা । ২০২১ চনত হ'বলগীয়া ৭২ সংখ্যক ধনু যাত্ৰা বাতিলৰ সিদ্ধান্ত লয় যাত্ৰা কমিটীয়ে ।

প্ৰসিদ্ধ বৰঘৰ ধনু যাত্ৰা
প্ৰসিদ্ধ বৰঘৰ ধনু যাত্ৰা

By

Published : Dec 14, 2020, 1:20 PM IST

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : বিশ্ব প্ৰসিদ্ধ ঐতিহাসিক বৰঘৰ ধনু যাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাত্ৰা পৰিচালনা কমিটীয়ে । উড়িশাৰ বৰঘৰত অনুষ্ঠিত হৈ অহা এই যাত্ৰাৰ ২০২১ চনৰ ৭২ সংস্কৰণ বাতিলৰ সিদ্ধান্ত লোৱা হয় । ২০২১ চনৰ ১৮ জানুৱাৰীৰ পৰা চলিবলগীয়া এই যাত্ৰা বাতিলৰ বিষয়ে জনাইছে স্থানীয় জিলা উপায়ুক্তই ।

জিলা উপায়ুক্ত জ্যোতি ৰঞ্জন প্ৰধানে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰাৰ লগতে ৰাইজে এই যাত্ৰাৰ সৈতে সংগতি ৰাখি পৃথিৱীৰ ভিতৰতে বৃহত্তম মুকলি আকাশৰ তলত মঞ্চস্থ কৰা প্ৰখ্যাত কৃষ্ণ লীলা দেখিবলৈ পোৱা নাযাব বুলি জনায় । ৰাইজৰ সুৰক্ষাৰ লগতে ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে যাত্ৰা পৰিচালনা কমিটীয়ে ।

পৌৰাণিক আখ্যান অনুসৰি কৃষ্ণ আৰু বলৰামে মোমায়েক কংসই আয়োজন কৰা ধনু উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে মথুৰালৈ বুলি কৰা যাত্ৰাৰ ওপৰত এই যাত্ৰা পালন কৰা হয় । বছৰত এবাৰকৈ পালন কৰা এই যাত্ৰাই গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ সৰ্ববৃহৎ মুকলি আকাশৰ তলত মঞ্চস্থ কৰা থিয়েটাৰৰ অভিলেখ গঢ়িছে ।

লগতে পঢ়ক :পেটৰ তাড়নাত বনকৰা হিচাপে কৰ্মৰত আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ

ABOUT THE AUTHOR

...view details