গুৱাহাটী,৮মে': মঙলবাৰে ভৰলুমুখ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলা। ভৰলুমুখ আৰক্ষীয়ে চাৰাবভাটিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বন্দনা চাও নামৰ এগৰাকী মহিলা সৰবৰাহকাৰীক। মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২.৫ গ্ৰাম ব্ৰাউন চুগাৰ, ৪টা চিৰিঞ্জ আৰু এটা মোবাইল ফোন। ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই আৰক্ষীয়ে হাতে-লোতে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক।
মহানগৰীত ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী গ্ৰেপ্তাৰ
ভৰলুমুখ আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী, মহিলাগৰাকীৰ পৰা ২.৫ গ্ৰাম ব্ৰাউন চুগাৰ, ৪টা চিৰিঞ্জ আৰু এটা মোবাইল ফোন জব্দ কৰা হয়
মহানগৰীত ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী গ্ৰেপ্তাৰ
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দুগৰাকীকৈ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ভৰলুমুখ আৰক্ষীয়ে। ইতিম্ধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।