এণ্টাৰটেইনমেণ্ট নিউজ, ৮ জুনঃ ৪৫ বছৰৰ ভৰি দিলে বলীউডৰ ফিটনেচ গুৰু তথা অভিনেত্ৰী শিল্পা ছেট্টি। অভিনেত্ৰীগৰাকীৰ ওপজা দিনটোত ছ'চিয়েল মিডিয়াযোগে বহু অনুৰাগীৰ লগতে বলীউড চেলিব্ৰেটীসকলে শুভেচ্ছা জ্ঞাপন কৰে।
৪৫ বছৰীয়া হ'ল অভিনেত্ৰী শিল্পা ছেট্টি - shilpa shetty birthday
অভিনেত্ৰীগৰাকীৰ বিশেষ দিনটোত স্বামীয়ে নিজ হাতেৰে কেক বনাই অভিনেত্ৰীগৰাকীক উপহাৰ দিয়ে। শিল্পা ছেট্টীয়ে ইনষ্টাগ্ৰামযোগে পৰিয়ালৰ এখন ফটো শ্বেয়াৰ কৰি জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰা আটাইকে ধন্যবাদ জনাই।

'ধাড়কন' ছবিৰ অভিনেত্ৰীগৰাকীৰ বিশেষ দিনটোত স্বামীয়ে নিজ হাতেৰে কেক বনাই অভিনেত্ৰীগৰাকীক উপহাৰ দিয়ে। শিল্পা ছেট্টীয়ে ইনষ্টাগ্ৰামযোগে পৰিয়ালৰ এখন ফটো শ্বেয়াৰ কৰি জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰা আটাইকে ধন্যবাদ জনাই।
জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মণিশ মলহোট্ৰাই এটা সুন্দৰ বাৰ্তাৰে অভিনেত্ৰীগৰাকীৰ সৈতে উঠা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ডিজাইনাৰ গৰাকীয়ে শিল্পাক ওপজা দিনৰ ওলগ জনাই ১৯৯৩ চনৰ পৰাই আমাৰ বন্ধুত্ত্ব বুলি উল্লেখ কৰে। একেদৰে, বলীউডৰ ডাঞ্চ কুইন মাধুৰী ডিক্সিতেও সুস্বাস্থ্য আৰু সুখী হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰে অভিনেত্ৰীগৰাকীক। লগতে, অভিনেতা আৰ মাধৱানেও মোহময়ী অভিনেত্ৰী শিল্পাক শুভেচ্ছা জ্ঞাপন কৰে।