অসম

assam

By

Published : May 31, 2019, 10:48 PM IST

ETV Bharat / briefs

গোলাঘাট সুৰা ট্ৰেজেডীৰ শুনানিঃ জালত পৰিবনে মূল মাফিয়া

সৰ্ববৃহৎ সুৰা ট্ৰেজেডী ঘটনাৰ শুনানিৰ দিন ধাৰ্য ১১ জুনত, এহেজাৰৰো অধিক পৃষ্ঠা সন্নিৱিষ্ট এই অভিযোগনামাত ৪১ জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে ৷

গোলাঘাটৰ সুৰা ট্ৰেজেডী ঘটনাৰ শুণানি

গোলাঘাট,৩১মে' : শুকুৰবাৰে সৰ্ববৃহৎ সুৰা ট্ৰেজেডী ঘটনাৰ শুনানিৰ দিন ধাৰ্য কৰে গোলাঘাট আদালতে । ১১ জুনত এই গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰে আদালতে । এহেজাৰৰো অধিক পৃষ্ঠাৰ এই অভিযোগনামাত মুঠ ৪১ জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ লগতে ৬৫ জনৰ নাম উল্লেখ কৰা হয় সাক্ষী হিচাপে ।

গোলাঘাটৰ সুৰা ট্ৰেজেডী ঘটনাৰ শুণানি

উল্লেখযোগ্য যে, ফেব্ৰুৱাৰী মাহত বিষাক্ত সুৰা সেৱন কৰি গোলাঘাট জিলাত ৭০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল । এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি ৯০ দিনৰ ভিতৰত আদালতত অভিযোগনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল অসম চৰকাৰে । সেই অনুসৰি গোলাঘাট আৰক্ষীয়ে জিলাখনৰ শালমৰা চাহ বাগিচাৰ লগতে বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা অঞ্চল কেইটাৰ তদন্ত কৰি প্ৰতিবেদন প্ৰস্তুত কৰে । সুৰা, লালি গুড়, বিষাক্ত মিঠানেল আদি বিক্ৰী কৰা মুঠ ৪৫ জনক গ্ৰেপ্তাৰ কৰি জেললৈ চালান দিছিল গোলাঘাট আৰক্ষীয়ে । অৱশ্যে বিভিন্ন দল-সংগঠনে লালি গুড়ৰ মূল মাফিয়া লালচৰন আগৰৱালা আৰু অনিল গুপ্তাক গ্ৰেপ্তাৰৰ দাবী জনাই আহিছিল যদিও আৰক্ষীয়ে অভিযুক্তক বৰ্তমানেও ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ উথাপন হৈছে ।

ABOUT THE AUTHOR

...view details