অসম

assam

ETV Bharat / briefs

হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ পৰীক্ষণ সমাপ্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই - বিশ্ব স্বাস্থ্য সংস্থা

হাইড্ৰ'ক্সিক্ল'ৰ'কুইন আৰু লোপিনাভিৰ/ৰিটোনাভিৰে হাস্পতালত ভৰ্তি হৈ থকা কোভিড-১৯ ৰোগীসকলক সহায় কৰিব - বিশ্ব স্বাস্থ্য সংস্থা।

বিশ্ব স্বাস্থ্য সংস্থা
WHO ending hydroxycholorquine trial for COVID

By

Published : Jul 5, 2020, 3:13 PM IST

নিউজ ডেস্ক, ৫ জুলাইঃ এন্টি-মালাৰিয়েল ঔষধ হাইড্ৰ'ক্ল'ৰ'কুইনে (hydroxychloroquine) হাস্পতালত ভৰ্তি হৈ থকা কোভিড-১৯ আক্ৰান্ত ৰোগীসকলক সহায় কৰিব। হাইড্ৰ'ক্ল'ৰ'কুইনৰ পৰীক্ষণৰ পাছত এই কথা উল্লেখ কৰে বিশ্ব স্বাস্থ্য সংস্থাই।

HIV/AIDS চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ মিশ্ৰণ হাইড্ৰ'ক্ল'ৰ'কুইন আৰু লোপিনাভিৰ/ৰিটোনাভিৰ (lopinavir/ritonavir) পৰীক্ষণ স্থগিত ৰখাৰ বাবে ইয়াৰ লগত জড়িত বিভাগীয় কৰ্তৃপক্ষই অনুমোদন গ্ৰহণ কৰিছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে উল্লেখ কৰে ।

আভ্যন্তৰীণ ফলাফলৰ পৰ্যালোচনাৰ পাছত লাভ কৰা তথ্য অনুসৰি হাইড্ৰ'ক্ল'ৰ'কুইন আৰু লোপিনাভিৰ/ৰিটোনাভিয়ে হাস্পতালত ভৰ্তি হৈ থকা কোভিড-১৯ ৰোগীসকলক সহায় কৰিব বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰে । তদুপৰি, এই ঔষধবিধ ব্য়ৱহাৰ কৰাৰ পাছত হাস্পতালত ৰোগীৰ মৃত্যু হোৱাৰ আশংকা বৃদ্ধি পোৱাৰ কোনো প্ৰমাণ নাই বুলি সংস্থাটোৱে উল্লেখ কৰে।

ABOUT THE AUTHOR

...view details