দৰং,17 এপ্ৰিলঃ বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ তিনি শতাধিক ভোটাৰৰ । স্থায়ীভাৱে বসবাস কৰি অহা গাঁওখনৰ বহু লোকৰ ভোটাৰ তালিকাত নাম নথকাৰ বাবেই শংকিত হৈ পৰিছে বৰুৱাঝাৰ গাঁৱৰ একাংশ ভোটাৰ । বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ বাবে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে ৷
ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ ভোটাৰৰ - ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ তিনি শতাধিক ভোটাৰৰ
দলগাঁও সমষ্টিৰ অন্তৰ্গত ৫নং বৰুৱাঝাৰ গাঁৱৰ তিনি শতাধিক ভোটাৰে পূৰ্বে দলগাঁও খুটি গাঁৱৰ ভোট কেন্দ্ৰত ভোটদান কৰিছিল যদিও লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত খুটিগাঁৱৰ পৰিৱৰ্তে সমষ্টিটোৰ অন্তৰ্গত ককালভাঙি যোগীগাঁৱৰ ভোটাৰ তালিকাতহে অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম ।
![ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ ভোটাৰৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3032605-thumbnail-3x2-darrang.jpg)
উল্লেখ্য যে, দলগাঁও সমষ্টিৰ অন্তৰ্গত ৫নং বৰুৱাঝাৰ গাঁৱৰ তিনি শতাধিক ভোটাৰে পূৰ্বে দলগাঁও খুটি গাঁৱৰ ভোট কেন্দ্ৰত ভোটদান কৰিছিল যদিও লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত খুটিগাঁৱৰ পৰিৱৰ্তে সমষ্টিটোৰ অন্তৰ্গত ককালভাঙি যোগীগাঁৱৰ ভোটাৰ তালিকাতহে অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম । নিজ গাঁৱৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি অন্য গাঁৱৰ ভোটাৰ তালিকাত নাম স্থানান্তৰিত হোৱাত ভূক্তভোগী ৰাইজে অবগত কৰে বিভাগীয় কৰ্তৃপক্ষক৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ সেয়েহে বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কঠোৰ সিন্ধান্ত গ্ৰহণ কৰিছে গাওঁবাসীয়ে ৷