নিউজ ডেস্ক, 21 জুন: ডিএমডিকে নেতা বিজয়াকান্তৰ 100 কোটি টকাৰ সম্পত্তি নিলামৰ পথত ৷ ইণ্ডিয়ান অভাৰচিছ্ বেংকে ঘোষণা কৰে এই কথা ৷ নেতাগৰাকীয়ে বেংকটোৰ পৰা 5 কোটি 52 লাখ 73 হাজাৰ 825 টকা ধাৰ লৈ এতিয়ালৈ ঘূৰাই দিব নোৱাৰাত তেওঁৰ 100 কোটি টকাৰ এই সম্পত্তিৰ নিলাম ঘোষণা কৰে ইণ্ডিয়ান অভাৰচিছ্ বেংকে ৷
ডিএমডিকে নেতা বিজয়াকান্তৰ 100 কোটিৰ সম্পত্তি নিলাম - বিজয়াকান্ত
ডিএমডিকে নেতা বিজয়াকান্তৰ 100 কোটি টকাৰ সম্পত্তি নিলামৰ পথত ৷ ইণ্ডিয়ান অভাৰচিছ বেংকে ঘোষণা কৰে এই কথা ৷
ডিএমডিকে নেতা বিজয়াকান্তৰ 100 কোটিৰ সম্পত্তি নিলাম
আণ্ডাল আলাগাৰ এডুকেশ্বনেল ট্ৰাষ্টৰ নামত এই টকা ঋণ লৈছিল নেতা গৰাকীয়ে ৷ বিজয়াকান্ত আৰু তেওঁৰ পত্নী প্ৰেমলতাই ঋণৰ জামিন চুক্তিত স্বাক্ষৰ কৰিছিল ৷ কিন্তু এতিয়া পৰ্যন্ত তেওঁ ঋণ পৰিশোধ কৰাত ব্যৰ্থ হোৱা হোৱাৰ বাবেই বিজয়াকান্তৰ চেন্নাইস্থিত আন্দাল আলাগাৰ মহাবিদ্যালয় আৰু চালিগ্ৰামান নামাৰ গৃহটো আগন্তুক জুলাই মাহৰ 26 তাৰিখে নিলামৰ সিদ্ধান্ত লয় ইণ্ডিয়ান অভাৰচিছ বেংকে ৷