অসম

assam

ETV Bharat / briefs

অভিনেতা চনু চুডলৈ ধন্যবাদ জ্ঞাপন উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰীৱেন্দ্ৰ সিং ৰাৱাটৰ

বলিউডৰ অভিনেতা চনু চুডে লকডাউনৰ সময়ত আৱদ্ধ উত্তৰাখণ্ডৰ বহু প্ৰৱাসীক বিশেষ বিমানেৰে নিজ ঘৰলৈ যোৱাৰ সুবিধা কৰি দিয়ে । অভিনেতাগৰাকীৰ এই মহানুভৱতাত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰীৱেন্দ্ৰ সিং ৰাৱাটে ফোনযোগে আৰু টুইটযোগে চনু চুডক ধন্যবাদ জ্ঞাপন কৰে ।

By

Published : Jun 7, 2020, 4:38 PM IST

Updated : Jun 7, 2020, 7:11 PM IST

অভিনেতা চনু চুডলৈ ধন্যবাদ জ্ঞাপন উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ
অভিনেতা চনু চুডলৈ ধন্যবাদ জ্ঞাপন উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ

চিটাৰা ডেস্ক, ৭ জুন: লকডাউনৰ সময়ছোৱাত বিপদমুখী বহু লোকক সহায়ৰ হাত আগবঢ়াই চৰ্চালৈ আহিছে বলিউডৰ অভিনেতা চনু চুড । লকডাউনৰ বাবে আৱদ্ধ হৈ থকা বহু লোকক নিজ গৃহ জিলালৈ বিশেষ বিমানেৰে পঠোৱাৰ ব্যৱস্থা কৰে অভিনেতাগৰাকীয়ে । এই লোকসকলৰ ভিতৰত উত্তৰাখণ্ডৰো বহু শ্ৰমিক অন্তৰ্ভুক্ত হৈ আছে ।

চনু চুডৰ এই কামত মন্ত্ৰমুগ্ধ হৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰীৱেন্দ্ৰ সিং ৰাৱাটে ফোনযোগে আৰু লগতে নিজ টুইটাৰযোগে অভিনেতাগৰাকীক ধন্যবাদ জ্ঞাপন কৰে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে চনু চুডক লক ডাউনৰ পিছত উত্তৰাখণ্ডলৈও আমন্ত্ৰণ জনায় ।

Last Updated : Jun 7, 2020, 7:11 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details