অসম

assam

ETV Bharat / briefs

চীনা কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাৰ ওপৰত ভিচা নিষেধাজ্ঞা আমেৰিকাৰ - হংকঙৰ মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাক ক্ষুন্ন

হংকঙত বেইজিঙৰ নীতিৰ প্ৰতিশোধত চীনা কমিউনিষ্ট পাৰ্টিৰ সদস্যৰ বিৰুদ্ধে ভিচা নিষেধাজ্ঞাৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৰাজ্যখনৰ সচিব মাইক পোম্পেওই সদৰী কৰে এই কথা ।

চীনা কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাৰ ওপৰত ভিজা নিষেধাজ্ঞা আমেৰিকাৰ
চীনা কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাৰ ওপৰত ভিজা নিষেধাজ্ঞা আমেৰিকাৰ

By

Published : Jun 27, 2020, 1:48 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ জুন :আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে শুকুৰবাৰে ঘোষণা কৰা অনুসৰি, হংকঙত বেইজিঙৰ নীতিৰ প্ৰতিশোধত চীনা কমিউনিষ্ট পাৰ্টিৰ সদস্যৰ বিৰুদ্ধে ভিচা নিষেধাজ্ঞাৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৰাজ্যখনৰ সচিব মাইক পোম্পেওই সদৰী কৰে এই কথা ।

চীনা কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাৰ ওপৰত ভিচা নিষেধাজ্ঞা আমেৰিকাৰ

পোম্পেওই এক প্ৰেছ ব্ৰিফিঙৰ জৰিয়তে কয় যে, ''ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনা কমিউনিষ্ট পাৰ্টিৰ সদস্যসকলক শাস্তি প্ৰদানৰ আশ্বাস দিয়ে,যিয়ে হংকঙৰ আজাদীত বেয়া প্ৰভাৱ পেলাইছে । এই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে । হংকঙৰ স্বায়ত্বতাক সমৰ্থনৰ হেতু চীন-ব্ৰিটিছৰ সংযুক্ত ঘোষণা পত্ৰৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু বাধ্য বাধকতা বেইজিঙে অব্যাহত ৰাখিছে । সেই সময়তে বেইজিঙে হংকঙৰ মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাক ক্ষুন্ন কৰিছে ।''

পোম্পেওৰ এই ঘোষণা মাৰ্কিন চিনেটৰ সৰ্বসন্মতিক্ৰমে হংকং স্বায়ত্ব শাসন আইন পাছ হোৱাৰ সময়ত আছিল ।

লগতে পঢ়ক :

ABOUT THE AUTHOR

...view details