অসম

assam

ETV Bharat / briefs

চীনৰ সৈতে ব্যৱসায়ীক সম্পৰ্ক ছেদ কৰাৰ ইংগিত ড'নাল্ড ট্ৰাম্পৰ - আমেৰিকাৰ ব্যৱসায়ীক প্ৰতিনিধি ৰৱাৰ্ট লাইথিঝাৰ

বৃহস্পতিবাৰে এটা টুইটৰ জড়িয়তে ট্ৰাম্পে আমেৰিকাৰ ব্যৱসায়ীক প্ৰতিনিধি ৰৱাৰ্ট লাইথিঝাৰে এদিন পূৰ্বে কৰা মন্তব্য অস্বীকাৰ কৰে । ৰৱাৰ্ট লাইথিঝাৰে "বিশ্বৰ বৃহত্তৰ অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে সম্বন্ধ এৰা সম্ভৱ নহয়" বুলি উল্লেখ কৰিছিল ।

ড'নাল্ড ট্ৰাম্প
US has option of complete decoupling from China, says Trump

By

Published : Jun 19, 2020, 1:48 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ১৯ জুন : চীনৰ সৈতে ব্যৱসায়িক সম্বন্ধ শেষ কৰাৰ ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । চীনৰ সৈতে সকলো সম্বন্ধ শেষ কৰিবৰ বাবে আমেৰিকাৰ তিনিটা প্ৰধান কাৰণ আছে বুলি বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে । ড'নাল্ড ট্ৰাম্পে টুইটাৰৰ জৰিয়তে আমেৰিকাৰ ব্যৱসায়ীক প্ৰতিনিধি ৰৱাৰ্ট লাইথিঝাৰে এদিন পূৰ্বে উল্লেখ কৰা মন্তব্যৰ খণ্ডন কৰে । ৰৱাৰ্ট লাইথিঝাৰে আমেৰিকাক উদ্দেশ্যি "বিশ্বৰ বৃহত্তৰ অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে সম্বন্ধ এৰা সম্ভৱ নহয়" বুলি উল্লেখ কৰিছিল ।

চীনৰ সৈতে ব্যৱসায়ীক সম্পৰ্ক ছেদ কৰাৰ ইংগিত ড'নাল্ড ট্ৰাম্পৰ

ট্ৰাম্পে টুইটাৰযোগে কয়, "এয়া ব্যৱসায়ীক প্ৰতিনিধি লাইথিঝাৰৰ ভূল নহয়, সম্ভৱতঃ মই নিজকে স্পষ্ট কৰা নাছিলো, কিন্তু চীনৰ সৈতে সম্পূৰ্ণৰূপে সম্পৰ্ক ছেদ কৰাৰ বাবে আমেৰিকাৰ হাতত নিশ্চিতভাৱে বিভিন্ন পৰিস্থিতিত নীতিগত বিকল্প আছে" বুলি উল্লেখ কৰে । বিদেশ মন্ত্ৰী মাইক পোম্পিঅ' আৰু চীনৰ বিভাগীয় বিষয়া য়ংগ জিএচিৰ সৈতে মিলিত হোৱাৰ এদিন পাছতে টুইটযোগে এই মন্তব্য কৰে ড'নাল্ড ট্ৰাম্পে ।

লগতে পঢ়ক : কিয় এগৰাকী কাশ্মীৰিৰ নামেৰে নামাংকন হৈছিল গালৱান ভেলীক ?

ABOUT THE AUTHOR

...view details