অসম

assam

By

Published : Jun 28, 2020, 8:48 PM IST

ETV Bharat / briefs

আমেৰিকাত কৰ'ণাৰ বিভিষীকাঃ ২.৫ মিলিয়ন অতিক্ৰম ৰোগীৰ সংখ্যা

বিগত ২৪ ঘণ্টাত আমেৰিকাত কোভিড-১৯ ত আক্ৰান্ত হৈছে প্ৰায় ৫,০০০ গৰাকী লোক। বৰ্তমান ৰাষ্ট্ৰখনত ২৫,০৫,৫৯৩ গৰাকী লোকৰ দেহত কোভিড-১৯ ৰ উপস্থিতি লাভ কৰা গৈছে। আনহাতে, এই মহামাৰীৰ ফলত ১,২৫,৪৮০ গৰাকী ৰোগী মৃত্যুমুখত পৰিছে।

আমেৰিকাত কৰ'ণাৰ বিভিষীকা
US' coronavirus tally crosses 2.5 million mark, toll at 125,480

নিউজ ডেস্ক, ২৮ জুনঃ বিশ্বৰ কোভিড-১৯ আক্ৰান্ত ২১৩ খন ৰাষ্ট্ৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমেৰিকাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। জনছ্ হ'পকিনছ্ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাত ২.৫ মিলিয়ন অতিক্ৰম কৰিছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই ।

ৰাষ্ট্ৰখনত এইপৰ্যন্ত ২৫,০৫,৫৯৩ গৰাকী লোকৰ দেহত কোভিড-১৯ ৰ উপস্থিতি লাভ কৰা গৈছে । ইয়াৰে ৬,৭৯,৩০৮ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ১,২৫,৪৮০ গৰাকী লোক । শনিবাৰৰ দিনটোতে ৰাষ্ট্ৰখনত মুঠ ৪৫,০০০ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে।

আমেৰিকাৰ পাছতে কোভিড-১৯ত আক্ৰান্ত দেশসমূহৰ ভিতৰত দ্বিতীয় স্থানত ব্ৰাজিল থকাৰ বিপৰীতে তৃতীয় স্থানত আছে ৰাছিয়া । বৰ্তমানলৈকে ব্ৰাজিলত ১৩,১৯,২৭৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৫৭,১৪৯ গৰাকী ৰোগী । আনহাতে, ৰাছিয়াত ৬,৩৪,৪৩৭ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে আৰু মৃত্যুমুখত পৰিছে ৯,০৭৩ গৰাকী ব্যক্তি । ৰাছিয়াত কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা অধিক যদিও বিশ্বৰ অন্য ৰাষ্ট্ৰৰ তুলনাত মৃত্যুৰ হাৰ বহুত কম ।

ABOUT THE AUTHOR

...view details