অসম

assam

By

Published : Jul 10, 2020, 6:00 PM IST

Updated : Jul 10, 2020, 6:09 PM IST

ETV Bharat / briefs

পাকিস্তানৰ আন্তৰাষ্ট্ৰীয় এয়াৰলাইনছ বিমানৰ ওপৰত নিশেধাজ্ঞা আমেৰিকাৰ

"European Union Aviation Safety Agency"য়ে পাকিস্তানী আন্তৰাষ্ট্ৰীয় এয়াৰলাইনছৰ অনুমোদন স্থগিত কৰিছে। আগন্তুক ৬ মাহৰ বাবে এই স্থগিতাদেশ জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে।

পাকিস্তানৰ আন্তৰাষ্ট্ৰীয় এয়াৰলাইঞ্চ
US bans Pakistan International Airlines flights from flying over pilot certifications

নিউজ ডেস্ক, ১০ জুলাইঃ পাকিস্তানৰ আন্তৰাষ্ট্ৰীয় এয়াৰলাইনছৰ বিমানৰ ওপৰত নিশেধাজ্ঞা জাৰি কৰিছে আমেৰিকাই। আমেৰিকাৰ পৰিবহন বিভাগে প্ৰকাশ কৰা অনুসৰি, "পাকিস্তানী আন্তৰাষ্ট্ৰীয় এয়াৰলাইনছ (PIA)ৰ বিমান উৰণৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত সলনি কৰা হৈছে। সেই অনুসৰি এতিয়াৰে পৰা পাকিস্তানৰ আন্তৰাষ্ট্ৰীয় এয়াৰলাইঞ্চৰ উৰণৰ ক্ষেত্ৰত নিশেধাজ্ঞা জাৰি কৰা হৈছে। "

পাকিস্তানী বিমান পাইলটৰ অনুজ্ঞাপত্ৰক লৈ ফেডাৰেল বৈমানিক প্ৰশাসনে (FAA) প্ৰশ্ন উত্থাপন কৰাৰ পাচতেই আমেৰিকাই এই নিশেধাজ্ঞা জাৰি কৰে। উল্লেখ্য যে, পাকিস্তানে তেওঁলোকৰ বহুকেইগৰাকী পাইলটক নিষিদ্ধ ঘোষণা কৰিছিল। বিগত মাহত দেশখনৰ বিভাগীয় কৰ্তৃপক্ষই ভুৱা অনুজ্ঞাপত্ৰৰ বাবে তৃতীয়গৰাকী পাইলটক কৰ্তব্যৰ পৰা অপসাৰণ কৰিছিল।

একে সময়তে, "European Union Aviation Safety Agency"য়েও পাকিস্তানী আন্তঃৰাষ্ট্ৰীয় এয়াৰলাইনচৰ অনুমোদন স্থগিত কৰিছে। আগন্তুক ৬ মাহৰ বাবে এই স্থগিতাদেশ জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সহযোগিতা

Last Updated : Jul 10, 2020, 6:09 PM IST

ABOUT THE AUTHOR

...view details