অসম

assam

ETV Bharat / briefs

কয়লা মুক্তকৰণ : বাণিজ্যিক নিষ্কাষণৰ বাবে ৪১ টা খনিৰ প্ৰস্তাৱ

১৭ বিলিয়ন টন ভৌগলিক কয়লা সংৰক্ষণসহ ৪১ টা খনিত বাণিজ্যিক কয়লা খনি নিলামৰ প্ৰথম পৰ্যায়ৰ প্ৰস্তাৱ ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইয়াৰ ভিতৰত ০.৫ ৰ পৰা ৪০ মিলিয়ন টন Peak Rated Capacities (PRC)ৰ ডাঙৰ আৰু সৰু দুয়োপ্ৰকাৰৰ খনি অন্তৰ্ভুক্ত কৰা হৈছে । সকলো খনিৰ সংশ্লেষিত পি আৰ চি ২২৫ mtpa ।

By

Published : Jun 18, 2020, 7:46 PM IST

কয়লা মুক্তকৰণ : বাণিজ্যিক নিষ্কাষণৰ বাবে ৪১ টা খনিৰ প্ৰস্তাৱ
কয়লা মুক্তকৰণ : বাণিজ্যিক নিষ্কাষণৰ বাবে ৪১ টা খনিৰ প্ৰস্তাৱ

নতুন দিল্লী, ১৮ জুন : খনন ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ প্ৰতি লক্ষ্য ৰাখি এটি বৃহৎ সংশোধনৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে বেচৰকাৰী খণ্ডৰ দ্বাৰা বাণিজ্যিক নিকায়ৰ হেতু কয়লা খনিৰ নিলামীৰ কাম আৰম্ভ কৰে ।

কয়লা মুক্তকৰণ : বাণিজ্যিক নিষ্কাষণৰ বাবে ৪১ টা খনিৰ প্ৰস্তাৱ

১৭ বিলিয়ন টন ভৌগলিক কয়লা সংৰক্ষণসহ ৪১ টা খনিত বাণিজ্যিক কয়লা খনি নিলামৰ প্ৰথম পৰ্যায়ৰ প্ৰস্তাৱ ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইয়াৰ ভিতৰত ০.৫ ৰ পৰা ৪০ মিলিয়ন টন peak rated capacities (PRC)ৰ ডাঙৰ আৰু সৰু দুয়োপ্ৰকাৰৰ খনি অন্তৰ্ভুক্ত কৰা হৈছে । সকলো খনিৰ সংশ্লেষিত পি আৰ চি ২২৫ mtpa বুলি জানিব পৰা গৈছে ।

প্ৰস্তাৱিত খনিসমূহ অধিক মূল্যত সম্পূৰ্ণৰূপে খনন কৰা হ'ব । এই খননে অতি সোনকালে উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰে । ইয়াৰোপৰি ৪ টা খনিৰ প্ৰস্তাৱ দিয়া হৈছে, যিবোৰে ষ্টিল ক্ষেত্ৰত সৰবৰাহ বৃদ্ধি কৰিব পাৰে । ভাৰতৰ ৫ খন ৰাজ্য ছট্টীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাত এই খনি অৱস্থিত ।

কয়লা খননৰ নিলাম প্ৰক্ৰিয়াই নিলামী প্ৰক্ৰিয়া কয়লা ক্ষেত্ৰত বিনিয়োগৰ বিশাল সুযোগ প্ৰদানৰ মাধ্যমেৰে অতিৰিক্ত কয়লা উৎপাদন কৰি দেশৰ শক্তি সুৰক্ষাৰ হেতু শক্তিশালী ভেটি প্ৰস্তুত কৰিব । এই প্ৰচেষ্টা ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতীয় কয়লা নিগমৰ পৰা ১ বিলিয়ন টন কয়লা উৎপাদন সম্পূৰ্ণ কৰা হ'ব ঘৰুৱা থাৰ্মেল কয়লাৰ প্ৰয়োজনীয়তাও পূৰণ কৰা হ'ব ।

লগতে পঢ়ক: অভাৱগ্ৰস্তলৈ সহায়ৰ হাত তুলতুল কছাৰীৰ

ABOUT THE AUTHOR

...view details