অসম

assam

By

Published : Jun 9, 2020, 7:21 PM IST

ETV Bharat / briefs

আমেৰিকাত 20,26,000 গৰাকীলৈ বৃদ্ধি কোভিড-১৯ আক্ৰান্তৰ সংখ্যা

সমগ্ৰ বিশ্বতে 72,24,364 গৰাকী লোককৈ সংক্ৰমিত হৈছে কোভিড-১৯ৰ বীজাণু। লগতে এই মহামাৰীত প্ৰাণ হেৰুৱাইছে 4,09,247 গৰাকী লোকে। আনহাতে,আৰোগ্য লাভ কৰিছে 7,73,505 গৰাকী ব্য়ক্তিয়ে।

 United States Coronavirus
United States Coronavirus: 2,026,869 Cases and 113,061 deaths

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জুনঃ বিশ্বজুৰি কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণা ভাইৰাছে। সমগ্ৰ বিশ্বতে এই ভাইৰাচৰ কৱলত পৰিছে ২১৩ খন দেশৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল। বিশ্বৰ কোভিড ১৯ আক্ৰান্ত ৰাষ্ট্ৰসমূহৰ ভিতৰত আমেৰিকাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

আমেৰিকাত 20,26,000 গৰাকীলৈ বৃদ্ধি কোভিড ১৯ আক্ৰান্তৰ সংখ্যা

বৰ্তমানলৈকে আমেৰিকাত 20,26,869 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এই মহামাৰীত মৃত্যুমুখত পৰিছে 1,13,106 গৰাকী ৰোগী। আনহাতে, বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে 11,40,258 গৰাকী লোক।

আমেৰিকাৰ পাছতে কোভিড-১৯ আক্ৰান্ত দেশৰ দ্বিতীয় স্থানত ব্ৰাজিল থকাৰ বিপৰীতে তৃতীয় স্থানত আছে ৰাছিয়া। ব্ৰাজিলত এইপৰ্যন্ত 7,10,887 গৰাকী লোকৰ দেহত কোভিড-১৯ ৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে 37,312 গৰাকী ব্যক্তিৰ। একেদৰে, ৰাছিয়াত 4,85,253 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 6,142 গৰাকী।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে 72,24,364 গৰাকী লোককৈ সংক্ৰমিত হৈছে কোভিড-১৯ৰ বীজাণু। লগতে এই মহামাৰীত প্ৰাণ হেৰুৱাইছে 4,09,247 গৰাকী লোকে। আনহাতে, আৰোগ্য লাভ কৰিছে 7,73,505 গৰাকী ব্য়ক্তিয়ে।

ABOUT THE AUTHOR

...view details