নিউজ ডেস্ক, ২১মে' : বিশ্বত অপৰাধ প্ৰৱণতাৰ সংখ্যা হ্ৰাস কৰিবলৈ গুগলে হাতত লৈছে গুৰুত্বপূৰ্ণ ভূমিকা । গুগলত সন্নিৱিষ্ট হৈছে এক নতুন ধাৰা । এতিয়াৰে পৰা ৰাজ্য তথা দেশত ইমেল একাউন্টৰ সহায়ত অপৰাধৰ মূল ঘাটি নিৰ্ধাৰণ কৰিব পৰা এক সহজ উপায় উদ্ভাৱন কৰিছে গুগলে ।
যেতিয়া ইমেল একাউন্টটো লগ ইন কৰা হয় সেই সময়ত প্ৰতিবাৰ ইমেল একাউন্টটোত কোডবোৰৰ সুৰক্ষাৰ বাবে এটা কোড বাৰ-বাৰ আহি থাকে । যিটো সকলোৰে বাবে এটা অসহ্যকৰ কাম হৈ পৰে । কিন্তু গুগলৰ মত অনুসৰি এই কোডটো চেভ কৰাৰ ফলত আপোনাৰ একাউন্টটো কোনো লোকে হেক কৰিব নোৱাৰিব আৰু ইয়াৰ ফলত অপৰাধ প্ৰৱণতা হ্ৰাস হ'ব বুলি গুগলে দাবী কৰে ।