পূৱ বিলাসীপাৰা, ৩১ মে' : ধুবুৰী জিলাৰ চাপৰত নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে দুজনকৈ লোক । কৰ'ণা আক্ৰান্ত ব্যক্তি দুগৰাকীৰ ঘৰ আৰেয়াঝাৰ ২ য় খণ্ডত । দুয়োজন ব্যক্তিয়ে হায়দাৰাবাদৰ পৰা অসমলৈ অহাৰ পাছত ২৩ মে’লৈ ছাগলীয়া কোৱাৰেন্টাইন চেন্টাৰত আছিল ।
চাপৰত নতুনকৈ কোভিড ১৯ত আক্ৰান্ত ২ জন লোক - কৰ'ণা ভাইৰাচ
হায়দাৰাবাদৰ পৰা অহা ধুবুৰীৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে দুজনকৈ লোক । বৰ্তমানলৈ জিলাখনত ৩৪ গৰাকীৰ অধিক লোক এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।
Two corona virus positive cases found in chapar
২৪ মে’ত দুয়োগৰাকী লোককে স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত হোম কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিছিল প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোকে । কিন্তু ইয়াৰ পাছতে দুয়োগৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি লাভ কৰাত ধুবুৰী অসামৰিক চিকিৎসায়ত ভৰ্তি কৰোৱা হয় । তদুপৰি, দুয়োগৰাকী ৰোগীৰ পৰিয়ালক সদস্যৰ স্বাস্থ্য বিভাগে নমুনা সংগ্ৰহ কৰি হোম কোৱাৰেন্টেইনত থকাৰ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, এইপৰ্যন্ত জিলাখনত ৩৪ গৰাকীৰ অধিক লোক এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।