অসম

assam

ETV Bharat / briefs

'সত্যই প্ৰাধান্য পাবই', অভিনেতা সুশান্তৰ মৃত্যুত দোষী অভিযুক্ত একতা কাপুৰৰ মন্তব্য - বিহাৰৰ অধিবক্তা সুধীৰ কুমাৰ ওজাৰ গোচৰ

অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ আঁৰত টিভি কুইন খ্যাত তথা সুশান্ত সিং ৰাজপুটৰ প্ৰথম টিভি চিৰিয়েল 'পবিত্ৰ ৰিস্তা'ৰ প্ৰযোজক একতা কাপুৰৰ নামো সাঙুৰ খোৱাৰ পিছতে এই সন্দৰ্ভত মন্তব্য কৰিছে একতা কাপুৰে । 'সত্যৰ জয় হ'বই' বুলি কৈ তেওঁৱে প্ৰথমে সুশান্তক টিভিৰ পৰ্দাত পৰিচয় কৰাই দিয়াৰ কথা চ'ছিয়েল মিডিয়াযোগে ব্যক্ত কৰে ।

'সত্যই প্ৰাধান্য পাবই', অভিনেতা সুশান্তৰ মৃত্যুত দোষী অভিযুক্ত একতা কাপুৰৰ মন্তব্য
'সত্যই প্ৰাধান্য পাবই', অভিনেতা সুশান্তৰ মৃত্যুত দোষী অভিযুক্ত একতা কাপুৰৰ মন্তব্য

By

Published : Jun 18, 2020, 12:24 PM IST

চিটাৰা ডেস্ক, ১৮ জুন: সময় বাগৰি যোৱাৰ লগে লগে অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ ঘটনাই যেন নতুন মোৰ লৈছে । মানসিক অশান্তিৰ বাবে আত্মহত্যা কৰাৰ পিছতে এই মানসিক অশান্তিৰ আঁৰত বলিউড পৰিয়ালৰ কিছু সদস্য জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । এই সদস্যসকলৰ ভিতৰত টিভি কুইন খ্যাত তথা সুশান্ত সিং ৰাজপুটৰ প্ৰথম টিভি চিৰিয়েল পবিত্ৰ ৰিস্তাৰ প্ৰযোজক একতা কাপুৰৰ নামো সাঙুৰ খাইছে ।

ইতিমধ্যে প্ৰয়াত অভিনেতা সুশান্তৰ জন্ম ঠাই বিহাৰৰ অধিবক্তা সুধীৰ কুমাৰ ওজাই বুধবাৰে একতা কাপুৰসহ প্ৰযোজক কৰণ জোহৰ, নিৰ্দেশক সঞ্জয় লীলা ভাঞ্চালী, চলমান খান, আলিয়া ভাট, আদিত্য চোপৰা, চাজিদ নাডিয়াৱালা, ভূষণ কুমাৰৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছে । ধাৰা ৩০৬, ১০৯, ৫০৪ আৰু ৫০৬ৰ ভিত্তিত গোচৰ ৰুজু কৰে অধিবক্তাগৰাকীয়ে ।

'সত্যই প্ৰাধান্য পাবই', অভিনেতা সুশান্তৰ মৃত্যুত দোষী অভিযুক্ত একতা কাপুৰৰ মন্তব্য

একতা কাপুৰৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে কয় যে, 'সুশীক কাষ্ট নকৰাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ বাবে ধন্যবাদ । কিন্তু বাস্তৱিকতে ময়ে তেওঁক প্ৰথমে পৰিচয় কৰাইছিলো । এই বিষয়টোক লৈ মই চিন্তিত যে, সিদ্ধান্ত এটা কিমান জটিল হ'ব পাৰে । অনুগ্ৰহ কৰি পৰিয়াল আৰু বন্ধুসকলক শান্তিপূৰ্ণভাৱে শোক পালন কৰিবলৈ দিয়ক । সত্যৰ জয় হ'বই । বিশ্বাস কৰিব পৰা নাই ।''

সুশান্ত অভিনীত কেইখনমান ছবি মুক্তিলাভ কৰা নাছিল আৰু তেওঁক বলিউডৰ কোনো পাৰিবাৰিক অনুষ্ঠানত নিমন্ত্ৰণ জনোৱা হোৱা নাছিল । এই সত্যৰ উদঘাটনৰ বাবে দাবী উত্থাপন কৰে অধিবক্তা সুধীৰ কুমাৰ ওজাই । অধিবক্তা ওজাই কয় যে, ‘সুশান্তৰ মৃত্যুই কেৱল বিহাৰবাসীকেই নহয়, সমগ্ৰ দেশকে কন্দুৱাইছে ।''

লগতে পঢ়ক: কোনে কোনে খেলিছে গুলাব' সিতাব'ৰ মজাৰ খেল?

ABOUT THE AUTHOR

...view details