অসম

assam

By

Published : Jun 24, 2020, 2:22 PM IST

ETV Bharat / briefs

৩১ ডিচেম্বৰলৈকে গ্ৰীণ কাৰ্ড প্ৰদানত স্থগিতাদেশ ড'নাল্ড ট্ৰাম্পৰ

কোভিড-১৯ মহামাৰীৰ সময়ত অৰ্থনৈতিক সংকটৰ বাবে যিসকল লোকে চাকৰি হেৰুৱাইছে,তেওঁলোকৰ বাবে গ্ৰীণ কাৰ্ড প্ৰদানত স্থগিতাদেশ জাৰি কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী আছিল। সোমবাৰে হোৱাইট হাউচত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এই কথা উল্লেখ কৰে।

ড'নাল্ড ট্ৰাম্প
Trump defends suspending Green Card applications till Dec 31

নিউজ ডেস্ক, ২৪ জুনঃআমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে চলিত বছৰৰ শেষলৈকে গ্ৰীণ কাৰ্ড প্ৰদানত স্থগিতাদেশ জাৰি কৰিছে। দেশখনত নিৱনুৱা সমস্যা বৃদ্ধি পোৱাৰ বাবে এই নিষেধাজ্ঞা প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

৩১ ডিচেম্বৰলৈকে গ্ৰীণ কাৰ্ড প্ৰদানত স্থগিতাদেশ ড'নাল্ড ট্ৰাম্পৰ

এক নিৰ্দেশ অনুসৰি এপ্ৰিল মাহত ট্ৰাম্পে ৯০ দিনৰ বাবে গ্ৰীণ কাৰ্ড প্ৰদান কৰাতো স্থগিত ৰাখিছিল। ইয়াৰ পাছত সোমবাৰে পুনৰ এক নিৰ্দেশনা জাৰী কৰি এই স্থগিতাদেশ চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে।

"মহামাৰী কৰ'ণা প্ৰতিৰোধৰ বাবে আমেৰিকাত উচ্চ হাৰত নিৱনুৱা সমস্যা বৃদ্ধি পাইছে। সেয়েহে এতিয়া আমি আমেৰিকাবাসীক চাকৰি দিব খোজো।" মংগলবাৰে আৰিজোনাৰ চান লুইচত সাংবাদিকে এই সন্দৰ্ভত সোধা প্ৰশ্নত এই কথা উল্লেখ কৰে মাৰ্কিন ৰাষ্ট্ৰগৰাকীয়ে।

কোভিড-১৯ মহামাৰীৰ সময়ত অৰ্থনৈতিক সংকটৰ বাবে যিসকল লোকে চাকৰি হেৰুৱাইছে, তেওঁলোকৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী আছিল বুলি সোমবাৰে হোৱাইট হাউচত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে উল্লেখ কৰে। "Bureau of Labor Statistics"ত প্ৰকাশ পোৱা তথ্য অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৰাষ্ট্ৰখনত নিৱনুৱা সমস্যা সৰ্বাধিক হৈছে বুলি ট্ৰাম্পে উল্লেখ কৰে। উল্লেখ্য যে, মে' মাহত আমেৰিকাত নিৱনুৱাৰ হাৰ ১৩.৩ শতাংশ হৈছিল। সম্প্ৰতি লাখ লাখ আমেৰিকান লোকে চাকৰিৰ পৰা বঞ্চিত হৈ আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, আমেৰিকাই প্ৰতিবছৰে ১,৪০,০০০ গৰাকী কৰ্মসংস্থাপন থকা প্ৰৱাসী লোকক পৰিয়ালসহ থকাৰ বাবে গ্ৰীণ কাৰ্ড প্ৰদান কৰে। সম্প্ৰতি প্ৰায় ১০ লাখ বিদেশী নাগৰিক তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যই আমেৰিকাত আইনগতভাৱ বসবাস কৰি আছে। এইসকল লোকে ৰাষ্ট্ৰখনত বসবাস কৰাৰ বাবে অনুমতি লাভ কৰিছে যদিও বৰ্তমানেও"employment green card"পাবলৈ বাকি আছে।

ড'নাল্ড ট্ৰাম্পে আমেৰিকাত বেকল'গ (backlog)ৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে। প্ৰতি বছৰে ৰাষ্ট্ৰখনত নিজাববীয়াকৈ অথবা কোম্পানীৰ তৰফৰ পৰা গ্ৰীণ কাৰ্ডৰ বাবে আৱেদন জনোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই বৃদ্ধি হৈছে বেকল'গৰ সংখ্যা। এই সংখ্যাত্মক সীমাৰ বাহিৰে, প্ৰতিটো বিভাগত প্ৰত্যেক দেশৰ ৭ শতাংশ লোকে আৱেদন জনাই বুলি জানিব পৰা গৈছে।

ABOUT THE AUTHOR

...view details