নলবাৰী,২০ ডিচেম্বৰ: বিগত ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ বিভিন্ন প্ৰৱেশপথত আৱদ্ধ হৈ থকা সংগ্ৰামী কৃষকসকলৰ ভিতৰত ২২ গৰাকী কৃষকে মৃত্যুবৰণ কৰে । এইসকল সংগ্ৰামী শ্বহীদ কৃষকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত হয় । নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্গত নলবাৰী জিলাৰ বনভাগ আঞ্চলিক কৃষক সভাৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি কৃষক সভাৰ নলবাৰী জিলা সমিতিৰ সদস্য সনাতন বৈশ্যই কয় যে, কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইনে কৃষকসকলৰ অৱস্থা কোঙা কৰি পেলোৱাৰ বিপৰীতে পুঁজিপতি গোষ্ঠীৰ জোলোঙা গধুৰ কৰিব । গতিকে এই কৃষক আন্দোলন অধিক শক্তিশালী কৰাৰ স্বাৰ্থত সৰ্বস্তৰৰ কৃষক সমাজক ওলাই আহিবলৈ আহ্বান জনায় ।
নিখিল ভাৰত কৃষক সভাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - কৃষক বিৰোধী আইন
কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইনৰ বিৰুদ্ধে দিল্লী চলো আন্দোলনত প্ৰাণ আহুতি দিয়া কৃষকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে দেওবাৰে পুৱা ক্ষুদ্ৰ বিষ্টুপুৰ চ’কত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
![নিখিল ভাৰত কৃষক সভাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নিখিল ভাৰত কৃষক সভাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11:36:28:1608444388-as-nlb-01-20dec-sadhanjali-v-as10004-20122020112052-2012f-1608443452-78.jpg)
নিখিল ভাৰত কৃষক সভাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
বাওঁপন্থী কৰ্মী ফণীধৰ কলিতাই আঁত ধৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত প্ৰায় অৰ্ধ শতাধিক কৃষক উপস্থিত থাকি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় ৷