মৰাণ, ১৩ নৱেম্বৰ: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক দল সমূহৰ সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনৰ লগতে নিৰ্বাচনী বিষয়া সকলৰ তৎপৰতাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে । পিছপৰি ৰোৱা নাই ডিব্ৰুগড় জিলা। ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া-২০২০ সন্দৰ্ভত শুকুৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ বহুমুখী প্ৰেক্ষাগৃহত ই আৰ অ' আৰু এ ই আৰ অ' সকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ।
ভোটাৰ তালিকা সংশোধনীৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন - ডিব্ৰুগড় জিলা প্ৰশাসন বাতৰি
ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া-২০২০ সন্দৰ্ভত শুকুৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ বহুমুখী প্ৰেক্ষাগৃহত ই আৰ অ' আৰু এ ই আৰ অ' সকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ।
ভোটাৰ তালিকা সংশোধনীৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসনprogram of ero & aero in connection with Special summary revision of e roll by Dibrugarh administration
ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্তই শুভাৰম্ভ কৰা প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচনী বিষয়া ঋষিকেশ বৰুৱা আৰু ৰাজহ চক্ৰ বিষয়াসকলৰ লগতে অন্যান্য দায়িত্বপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে ৷ মুঠৰ ওপৰত ডিব্ৰুগড়ত ৰাজনৈতিক দল সমূহৰ সমান্তৰালভাৱে নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচনী আয়োগ আৰু প্ৰশাসন।