যোৰহাট, ১০ জুনঃ বৰ্তমানৰ অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ তথা বিজেপিৰ জেষ্ঠ নেতা পালিত কুমাৰ বৰাক সৰ্বভাৰতীয় কৃষি বিপণন পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে উক্ত পদত নিযুক্তি দিয়ে বিষয়াগৰাকীক।
পালিত কুমাৰ বৰাক ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি - jorhat
ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে পালিত কুমাৰ বৰাক । এই পদত নিযুক্তি লাভ কৰাৰ পাছতে যোৰহাট জিলা বিজেপিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে বিষয়াগৰাকীক।

পালিত কুমাৰ বৰাক ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি
উত্তৰ পূৱ ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি বিপনন পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা পালিত কুমাৰ বৰাই হৈছে প্ৰথমগৰাকী ব্যক্তি | উক্ত পদত নিযুক্তি লাভ কৰাৰ পাছতে বুধবাৰে যোৰহাট জিলা বিজেপিয়ে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস,সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ উপস্থিত থাকে ।
লগতে চাওকঃ নিজ পিতৃক সাফল্যৰ খবৰ দিবলৈ বাট চাই ৰৈছে ৰৌতাৰ এজন ছাত্ৰই