ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ জুন: থাইলেণ্ডৰ সমুদ্ৰ ভোজন ৰেষ্টোৰা এখনৰ দুই স্বত্বাধিকাৰীয়ে গ্ৰাহকক ঠগোৱাৰ গোচৰত থাইলেণ্ডৰ এখন আদালতে দুই স্বতাধিকাৰীক ১,৪৪৬ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে । সূত্ৰই জনোৱা মতে, বিগত বছৰত লেমগেট চীফুড নামৰ সাগৰীয় ৰেষ্টোৰাখনে বিভিন্ন খাদ্যৰ ভাউচাৰ বিক্ৰী কৰিছিল,যাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহৰসকলে অধিক মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল ।
ব্ৰ'ডকাষ্টাৰ থাই পি.বি.এছে কয় যে, ২০ হাজাৰতকৈও অধিক লোকে ৫০ মিলিয়ন থাই (১.৬ মিলিয়ন ডলাৰ) ভাউচাৰ ক্ৰয় কৰিছিল । চুক্তিমতে,১০ জন লোকৰ বাবে ৮৮০ (২৮ ডলাৰ) মূল্যৰ সাগৰীয় খাদ্যৰ যোগান ধৰা হৈছিল,যত সাধাৰণ খাদ্যতকৈ এই সাগৰীয় খাদ্যৰ মূল্য অধিক কম ।
থাই পি.বি.এছে জনোৱা অনুসৰি,ৰেষ্টোৰাখনৰ স্বত্বাধিকাৰীয়ে খাদ্য যোগান ধৰিবলৈ সক্ষম হৈছিল যদিও বহু মাহলৈকে খাদ্যৰ বাবে গ্ৰাহকৰ বুকিং হৈ আছে । চলিত বৰ্ষৰ মাৰ্চ মাহত লেমগেটৰ স্বত্বধিকাৰীয়ে হোটেলখন বন্ধ কৰাৰ কথা ঘোষণা কৰে,কিয়নো গ্ৰাহকৰ এই অৰ্ডাৰ পূৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে সাগৰীয় খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব ।