তেজপুৰ,১৪ অক্টোবৰ: শোণিতপুৰ জিলাত যেন দৈনিক বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ বিশেষকৈ তেজপুৰত সঘনাই উদ্ঘাটন হৈছে অপৰাধ জনিত ঘটনাৰ বিভিন্ন তথ্য। শেহতীয়াকৈ শোণিতপুৰ আৰক্ষীৰ জালত পৰিল সুদূৰ উত্তৰ প্ৰদেশৰ পৰা আহি গ্ৰাহকৰ ধন হৰলুকীৰ কাৰ্যত জড়িত চাৰিটাকৈ এটিএম হেকিঙৰ লগত জড়িত চাৰিজনীয়া এটা দল ৷
এটিএম হেকাৰৰ লগত জড়িত বহি:ৰাজ্যৰ চাৰিজনীয়া এটা দল গ্ৰেপ্তাৰ - শোণিতপুৰ
তেজপুৰত গ্ৰেপ্তাৰ হৈছে এ টি এম হেকাৰৰ লগত জড়িত বহি:ৰাজ্য উত্তৰ প্ৰদেশৰ ৪ জনীয়া এটা দল । দলটোৰ পৰা ২৮খন এ টি এম কাৰ্ড আৰু নগদ ৪০হাজাৰ টকা জব্দ কৰিছে আৰক্ষীয়ে ।
![এটিএম হেকাৰৰ লগত জড়িত বহি:ৰাজ্যৰ চাৰিজনীয়া এটা দল গ্ৰেপ্তাৰ Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-05:24:52:1602676492-20201014-1658481602675611963-30-1410email-1602675623-428.jpg)
Tezpur
বুধবাৰে আৰক্ষীৰ জালত পৰে এই হেকাৰৰ দলটো । UP-78A-7582 নম্বৰৰ এখন আৰ্টিকা বাহনেৰে শিলচৰৰ পৰা আহি তেজপুৰত উপস্থিত হৈয়ে তেজপুৰৰ মিচন চাৰিআলিস্থিত ভাৰতীয় ষ্টেত বেংকৰ এ টি এমটো হেক কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীয়ে কৰায়ত্ব কৰিলে প্ৰৱঞ্চকৰ এই দলটোক । আৰক্ষীয়ে এছ বি আই, বেংক অফ বৰোডা আৰু এক্সিছ বেংকৰ ২৮খনকৈ ATM কাৰ্ড আৰু নগদ ৪০হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে দলটোৰ ওপৰত জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :ফাৰুক আৰু ওমৰ আব্দুল্লাক সাক্ষাৎ মুফটিৰ