তেজপুৰ,২ অক্টোবৰ : স্বচ্ছ সৰ্বক্ষণত দেশৰ ১০ খন ৰাজ্যৰ ১০ খন জিলাৰ ভিতৰত স্বচ্ছতাৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল ঊষা নগৰী তেজপুৰে । আৰু সেই তেজপুৰতে গান্ধী জয়ন্তীৰ দিনা চহৰখনৰ মাজমজিয়াৰ এক দৃশ্যই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
স্বচ্ছ চহৰ হিচাপে সন্মান লাভ কৰা তেজপুৰৰ ৰাজপথত এয়া কি? দুৰ্গন্ধময় লেতেৰা ৰাজ পথ , পথৰ দাঁতিত তেজপুৰ পৌৰ প্ৰশাসনিক বিষয়াৰ ফলক আৰু জাবৰৰ দমে সৃষ্টি কৰা এক কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে চহৰখনৰ একাংশ স্থানত । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতা, পালিনেতাই সভাই সমিতিয়ে স্বচ্ছতাৰ বিষয়ে সজাগ কৰা সময়তে এনে এক দৃশ্য বন্দী হ’ল ইটিভি ভাৰতৰ কেমেৰাত ।
ৰাজপথত গাহৰিৰ মুক্ত বিচৰণ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ সন্মুখত । তেজপুৰ পৌৰ সভা ভংগ হোৱা প্ৰায় ৭ মাহ উকলি গ'ল । মহামাৰী ক'ভিড -১৯ ৰ প্ৰট'কলৰ বাবে নতুন কমিটি গঠন হোৱা নাই যদিও আগষ্ট মাহৰ ২০ তাৰিখে "স্বচ্ছ সৰ্বেক্ষণ"ৰ পুৰস্কাৰ লাভ কৰিলে । কিন্ত এই পুৰস্কাৰ অকল চৰকাৰী বিষয়াৰ কাগজৰ বাবেহে হ’ল নেকি বুলিও স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ।
স্বচ্ছ চহৰ হিচাপে সন্মান লাভ কৰা তেজপুৰৰ ৰাজপথত এয়া কি? পৌৰ প্ৰশাসনৰ চাফাই কৰ্মীৰ নিয়মীয়া বেতনৰ বাবে ৰাজ্যত দৈনিক চলিছে ধৰ্মঘট, তেনেস্থলত স্বচ্ছতাৰ দিশত কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন !
লগতে পঢ়ক: চতিয়াৰ চকীঘাটত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ