তেজপুৰ,১৬ ডিচেম্বৰ : ভাৰতীয় সেনাই তেজপুৰ গজৰাজ ক'ৰত আজি 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ বিজয়ৰ গৌৰৱোজ্জ্বল বিজয় দিৱস পালন কৰে । তেজপুৰ গজৰাজ ক'ৰৰ জিঅচি লেফ. জেন. শান্তনু দয়ালে গজৰাজ ৱাৰ মেমৰিয়েলত বীৰ শ্বহীদ জোৱান সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনায় । ১৯৭১ চনৰ বাংলাদেশ লিবাৰেশ্যন যুদ্ধত শ্বহীদ হোৱা সৈনিকসকলৰ অৱদানক সোঁৱৰণ কৰে শীৰ্ষ সেনা বিষয়াগৰাকীৰ লগতে মুখ্যালয়ৰ বিষয়া-জোৱানসকলে ।
তেজপুৰ গজৰাজ কৰ্পছে পালন কৰিলে ১৯৭১ ৰ বিজয় দিৱস - ৭১ৰ বিজয় দিৱস
১৯৭১ৰ ভাৰত পাকিস্তান যুদ্ধৰ বিজয় দিৱস উদযাপন কৰে ভাৰতীয় সেনাবাহিনীয়ে । স্থলসেনাৰ তেজপুৰস্থ চতুৰ্থ মুখ্যালয়, গজৰাজ ক'ৰত পালন কৰা হয় বিজয় দিৱস ।
![তেজপুৰ গজৰাজ কৰ্পছে পালন কৰিলে ১৯৭১ ৰ বিজয় দিৱস গজৰাজ ক'ৰত পালন বিজয় দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-06:54:18:1608125058-as-tezpur-16dec-02-pix-vijaydibash-pranabkumardas-7203907-16122020174529-1612f-1608120929-143.jpg)
1971 চনৰ পাকিস্তানৰ লগত হোৱা এই যুদ্ধত 93000 হাজাৰ পাকিস্তানী সৈন্যই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পন কৰিছিল । ফিল্ড মাৰ্শ্বাল ছেম মানেক শ্বৰ নিৰ্দেশত সেইসময়ৰ ইষ্টাৰ্ণ কামাণ্ডৰ জিঅচি ইন চি লে. জেন. জে এছ আৰোৰাৰ সম্মুখত আত্মসমৰ্পন কৰিছিল পাকিস্তানী সৈন্যই, যিটো পৃথিৱীৰ ভিতৰতে সৰ্বাধিকসংখ্যক আছিল আৰু আজিলৈকে ইয়াৰ পুনৰাবৃত্তি হোৱা নাই । এই যুদ্ধৰ পৰৱৰ্তী সময়ত পূব পাকিস্তানৰ ঠাইত বাংলাদেশ গঠন হৈছিল ।
শ্ৰদ্ধাঞ্জলি জনাই জিঅচি দয়ালে সেনা জোৱান সকলক যি কোনো সময়ত দেশৰ হকে আহিব পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ সাজু থাকিবলৈ আহ্বান জনায় । চলিত বৰ্ষত ভাৰতে ৭১ৰ পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ ৫০ বৰ্ষপূৰ্তি পালন কৰিছে ।