টীয়ক, ২৬ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গৃহিত তিনিখনকৈ কৃষি বিধেয়কৰ বিৰোধিতাৰে শনিবাৰে যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে । টীয়কৰ জগদুৱাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ। লগতে এই বিল বাতিল নকৰিলে ভৱিষ্যতে ইয়াতকৈও অধিক জংগী ৰূপত আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকীয়াই দিয়াৰ লগতে আগন্তুক ২১ৰ বিধান সভাৰ নিৰ্বাচনত বিজেপিক অসমত পৰাভূত কৰিব বুলি পণ লয় সংগঠনটোৱে ।
টীয়কত জ্বলিল নৰেন্দ্ৰ মোদী আৰু অমৃত শ্বাহৰ প্ৰতিকৃতি - Teok protest
আগন্তুক ২১ৰ বিধান সভাৰ নিৰ্বাচনত অসমত বিজেপিক পৰাভূত কৰিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।
![টীয়কত জ্বলিল নৰেন্দ্ৰ মোদী আৰু অমৃত শ্বাহৰ প্ৰতিকৃতি Teok kmss protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-03:11:42:1601113302-slug-a-teok-802-26sept-teok-protest-vis-byte-ssaikia-26092020150652-2609f-1601113012-347.jpg)
টীয়কত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ
লগতে পঢ়ক: অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান