টীয়ক,2জুলাই: যোৰহাট জিলাৰ টীয়ক কলিয়াপানী আদৰ্শ গাঁৱত ১৭ বছৰীয়া যুৱতীক অত্যাচাৰ পিতৃ আৰু মাহীমাকৰ ৷ পিতৃ আমানুল হক আৰু তেওঁৰ দ্বিতীয়া পত্নী তছলিমা বেগমে দীৰ্ঘদিন ধৰি যুৱতীগৰাকীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি হাত-ভৰি বান্ধি,গাত গৰম তেল ঢালি মাৰপিট কৰে ৷ মাহীমাক আৰু পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি যুৱতিগৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে ৷
টীয়কত মাহীমাকৰ অত্যাচাৰৰ বলি যুৱতী - তছলিমা বেগম
যোৰহাট জিলাৰ টীয়ক কলিয়াপানী আদৰ্শ গাঁৱত মাহীমাকৰ অত্যাচাৰৰ বলি হ'ল এগৰাকী ১৭ বছৰীয়া যুৱতী ৷ পিতৃ আমানুল হক আৰু তেওঁৰ দ্বিতীয়া পত্নী তছলিমা বেগমে যুৱতিগৰাকীক দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই অহাৰ অভিযোগ

টীয়কত মাহীমাকৰ অত্যাচাৰ যুৱতীক
টীয়কত মাহীমাকৰ অত্যাচাৰৰ বলি যুৱতী
ইফালে,পিতৃ আৰু মাহীমাকে দীৰ্ঘদিন ধৰি চলাই অহা অত্যাচাৰৰ বাবে অঞ্চলবাসীয়ে যুৱতীগৰাকীৰ পিতৃ আমানুল হক আৰু মাহীমাক তছলিমা বেগমক প্ৰথম বাৰৰ বাবে সকীয়াই দিয়ে। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে ৷
Last Updated : Jul 2, 2019, 12:46 PM IST