অসম

assam

By

Published : Apr 28, 2019, 5:46 PM IST

ETV Bharat / briefs

ধুবুৰীত স্বাক্ষৰিত শিক্ষাৰ নতুন চুক্তি

দেশী জনগোষ্ঠীয় জাতীয় সংসদে কলেজ অৱ এডভান্স টেকনলজি ইনষ্টিটিউট অৱ ধুবুৰীৰ মাজত হয় এক চুক্তি, য'ত দেশী জনগোষ্ঠীৰ নৱ-প্ৰজন্মক শিক্ষাৰ বাট প্ৰশস্ত কৰাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হয় ৷

শিক্ষামূলক বুজাবুজি চুক্তি

ধুবুৰী, 28 এপ্ৰিল : ৰাজ্যত দেশী জনগোষ্ঠীৰ লোকসকলক সকলো ক্ষেত্ৰতে পিছপৰি থকা দেখা যায় ৷ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা দেশী জনগোষ্ঠীৰ লোকসকল ৷ সেয়ে দেশী জনগোষ্ঠীৰ উঠি অহা নৱ-প্ৰজন্মসকলৰ শিক্ষাৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যে দেশী জনগোষ্ঠীয় জাতীয় সংসদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দেশী জনগোষ্ঠীয় জাতীয় সংসদে কলেজ অৱ এডভান্স টেকনলজি ইনষ্টিটিউট অৱ ধুবুৰীৰ সৈতে এক আলোচনাত মিলিত হৈ টাউন হোটেলত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত এখন শিক্ষামূলক চুক্তি স্বাক্ষৰিত হয় ৷ এই চুক্তিত দেশী শিক্ষিত যুৱক-যুৱতীসকলক জৰীপ কৰি লৈ উক্ত শিক্ষানুষ্ঠানৰ বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান দিয়াৰ কথা উল্লেখ কৰে ৷ সদৌ দেশী জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এনামূল হকৰ মন্তব্য অনুসৰি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ আৰু কলেজ অৱ এডভান্স টেকনলজি ইনষ্টিটিউট অৱ ধুবুৰীৰ মাজত হোৱা এই চুক্তি তিনি বছৰৰ বাবে স্বাক্ষৰিত হয় ৷

শিক্ষামূলক বুজাবুজি চুক্তি

ABOUT THE AUTHOR

...view details