অসম

assam

ETV Bharat / briefs

পুনৰ অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

কিছুদিন পূৰ্বে কৰʼণা ভাইৰাছত আক্ৰান্ত হৈছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ উপযুক্ত চিকিৎসাৰ অন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী কৰʼণামুক্ত হৈছিল যদিও শেহতীয়াকৈ তেখেতৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটা বুলি জানিব পৰা গৈছে ।

Tarun Gogoi admitted in gmch
পুনৰ অসুস্থ তৰুণ গগৈ !

By

Published : Sep 24, 2020, 5:01 PM IST

গুৱাহাটী, ২৪ চেপ্টেম্বৰ: পুনৰ অসুস্থ হৈ পৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছতে বুধবাৰে নিশা ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাত নিশাই আইচিইউত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ৷ বৰ্তমান তেখেতক বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এটা দলে চলাই আছে চিকিৎসা

উল্লেখ যে, কিছুদিন পূৰ্বে কৰʼণা ভাইৰাছত আক্ৰান্ত হৈছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ উপযুক্ত চিকিৎসাৰ অন্তত কৰʼণামুক্ত হৈছিল যদিও শেহতীয়াকৈ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰিসকলোৱে কৰিছে প্ৰাৰ্থনা ।

লগতে পঢ়ক: কেৰেলাৰ সোণ কেলেংকাৰীঃ এন‌আইএৰ কাৰ্যালয়ত উপস্থিত এম শিৱ শংকৰ

ABOUT THE AUTHOR

...view details