বাক্সা, ২৪ ছেপ্টেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ আঙাৰকাটা বিনোৱাপুৰ গাঁৱত সন্দেহজনক দুই যুৱকক লৈ প্ৰতিক্ৰিয়া।
তামুলপুৰত দুই সন্দেহজনক যুৱকক লৈ প্ৰতিক্ৰিয়া - কুমাৰীকাটা
তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ আঙাৰকাটা বিনোৱাপুৰ গাঁৱত সংঘটিত হৈছে সন্দেহজনক লাভ জেহাদৰ ঘটনা।
জানিব পৰা মতে, বুধবাৰে বিনোৱাপুৰৰ এগৰাকী মহিলাৰ ঘৰত স্বামী নথকা সুযোগ গ্ৰহণ কৰি কামৰূপ গৰৈমাৰীৰ হাচেন আলি (২৮) আৰু মহিৰুদ্দিন আলি (৩৫) নামৰ দুই যুৱকে আশ্ৰয় লয় । ঘৰটোত দুই যুৱকে আশ্ৰয় লোৱা বুলি গম পাই স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। বৃহস্পতিবাৰে স্থানীয় ৰাইজে ঘৰটোত দুই যুৱকক আৱদ্ধ কৰি কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়ে। ইয়াৰ পিছতে ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰক্ষী চকীলৈ লৈ আনি যুৱক দুজনক সোধপোছ আৰম্ভ কৰে । সোধ পোছৰ অন্তত যুৱক দুজনক তামুলপুৰ আৰক্ষী থানালৈ প্ৰেৰণ কৰে কুমাৰীকাটা আৰক্ষীয়ে ।
লগতে পঢ়ক: স্বাস্থ্যৰ অৱনতি ঘটিছে সংগীত শিল্পী এচ পি বালাসুব্ৰমন্যয়মৰ