মৰিগাঁও,৩১মে' : তিৱা স্বায়ত্ত্বশাসিত পৰিষদত তদন্ত । শুকুৰবাৰে অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু উন্নয়ন বিভাগে তিৱা স্বায়ত্ত্বশাসিত পৰিষদত সংঘটিত বহু কোটি টকীয়া দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে ।
তিৱা স্বায়ত্ত্বশাসিত পৰিষদত দুৰ্নীতি - অসম চৰকাৰ
জোঙাল বলহুৰ মূৰ্তি নিৰ্মাণত সংঘটিত হোৱা ৬৬লাখ টকাৰ দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰে ভৈয়াম জনজাতি আৰু উন্নয়ন বিভাগক তদন্তৰ দাবী কৰে ৷
![তিৱা স্বায়ত্ত্বশাসিত পৰিষদত দুৰ্নীতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3435059-thumbnail-3x2-pmjpg.jpg)
উল্লেখযোগ্য যে, তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ স্বাভিমান তথা জোঙাল বলহুৰ মূৰ্তি নিৰ্মাণত সংঘটিত হোৱা ৬৬লাখ টকাৰ দুৰ্নীতিৰ বাবে ২৯ মে’ত অসম চৰকাৰে ভৈয়াম জনজাতি আৰু উন্নয়ন বিভাগৰ যুটীয়া সচিব বিভাষ মোডীক নিদেৰ্শ জাৰি কৰিছিল । সেইমৰ্মে মূৰ্তি নিৰ্মাণৰ তদন্তৰ লগতে পৰিষদৰ সকলো কাম-কাজৰ চেক বুক,লেজাৰ বুক,বেংক পাচবুককে ধৰি বিত্তীয় লেনদেনৰ সকলো নথি-পত্ৰ ভৈয়াম জনজাতি আৰু পিচপৰা শ্ৰেণীৰ কল্যাণ বিভাগত জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে । বিভাগটোৰ সঞ্চালকে পৰিষদৰ প্ৰধান সচিবক দিছে এই নিৰ্দেশ । একাউন্ট বিভাগৰ বিষয়াকো সঞ্চালকৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দি ২৯ মে'ত জাৰি কৰা জাননীৰ যোগেৰে দুদিনৰ ভিতৰত সকলো নথি-পত্ৰ জমা দিয়াৰো নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই এই পদক্ষেপ লৈছে ভৈয়াম জনজাতি আৰু উন্নয়ন বিভাগে । তিৱা পৰিষদত সংঘটিত বহু কোটি টকীয়া দুৰ্নীতিৰ বিৰুদ্ধে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীক অভিযোগ দিছিল কেইবাটাও তিৱা জনগোষ্ঠীয় সংগঠনে আৰু ইয়াৰ ভিত্তিতেই অসম চৰকাৰে ভৈয়াম জনজাতি আৰু উন্নয়ন বিভাগক তদন্তৰ নিৰ্দেশ দিয়ে ।