বাক্সা,১৯মে' : বাক্সাৰ উত্তৰকুছিত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য। বাক্সা জিলাৰ বৰবাৰী আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰকুছিত শনিবাৰে পুৱাৰ ভাগত চিপ লোৱা অৱস্থাত বিকাশ পাণ্ডে নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল । নলবাৰীৰ দৌলগোবিন্দপুৰৰ এই যুৱকজনে বিগত এবছৰে উত্তৰকুছিত ভাড়াতীয়া হিচাপে থাকি বাছৰ হেণ্ডিমেন হিচাপে কাম কৰিছিল । কিন্তু শনিবাৰে পুৱা যুৱকজনৰ মৃতদেহ ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ৷
বাক্সাত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য - বাক্সা
ঘটনাস্থলীত যুৱকজনৰ পৰিয়ালৰ লোকৰ উপস্থিতি অবিহনে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাক লৈ সন্দেহ প্ৰকাশ কৰি যুৱকজনক পৰিকল্পিতবাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

ভাড়াঘৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
ভাড়াঘৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
পিচত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷ কিন্তু ঘটনাস্থলীত যুৱকজনৰ পৰিয়ালৰ লোকৰ উপস্থিতি অবিহনে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাক লৈ সন্দেহ প্ৰকাশ কৰি যুৱকজনক পৰিকল্পিতবাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে বৰবৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত তদন্তৰ দাবী কৰে ।