অসম

assam

ETV Bharat / briefs

অন্ধবিশ্বাস! কৰিমগঞ্জত কবৰৰ পৰা উলিয়ালে মৃতদেহ

কৰিমগঞ্জৰ খাগাইল গাঁৱত অন্ধবিশ্বাসৰ ফলত কবৰ খান্দি উলিওৱা হ'ল এটি ডেৰ বছৰীয়া শিশুৰ নৰকংকাল,জীয়াই থকাৰ সন্দেহতে কবৰ খান্দি উলিওৱা হয় নৰকংকালটো ৷

By

Published : May 4, 2019, 5:40 PM IST

ডেৰ বছৰীয়া নৰ-কংকাল

কৰিমগঞ্জ,৪মে' : অন্ধ বিশ্বাসৰ কৱলত কৰিমগঞ্জৰ এখন গাঁও । শুকুৰবাৰে নিশা কৰিমগঞ্জৰ খাগাইল গাঁৱত অন্ধবিশ্বাসৰ ফলত কবৰ খান্দি উলিওৱা হ'ল এটি নৰকংকাল । ডেৰ বছৰ পূৰ্বে মৃত্যু হোৱা এটি শিশু বৰ্তমানেও জীৱিত থকা বুলি গাঁওবাসীয়ে আশংকা কৰি কবৰ খান্দি শিশুটোৰ নৰকংকাল উলিয়ায়।

ডেৰ বছৰীয়া নৰ-কংকাল

উল্লেখ্য যে, ডেৰ বছৰ পূৰ্বে বিষাক্ত সাপৰ দংশনত খাগাইল এলেকাৰ এমাদ উদ্দিন নামৰ এটি চাৰি বছৰীয়া শিশুৰ মৃত্যু হৈছিল । এই মৃত শিশুটিক গাঁওবাসীয়ে ইছলামিক ৰীতি-নীতিৰে কবৰ দিয়া হৈছিল । কিন্তু এই ঘটনাৰ পাছতেই শিশুটি জীয়াই থকা বুলি পিতৃ-মাতৃয়ে প্ৰতিদিনে সপোন দেখে । যাৰ বাবে শনিবাৰে গাঁওবাসীয়ে বেজ আনি নৰ কংকালটো উলিয়ায় ।

ABOUT THE AUTHOR

...view details