অসম

assam

ETV Bharat / briefs

মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন - অভিনন্দন জ্ঞাপন

উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীক এক বিশেষ অনুষ্ঠানৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰা হয়৷

মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

By

Published : Jun 25, 2019, 8:05 AM IST

মৰিগাঁও, 25 জুন: উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীক এক বিশেষ অনুষ্ঠানৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰা হয়৷ সদৌ মৰিগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ৷ এই বিশেষ অভিনন্দন অনুষ্ঠানত পৌৰহিত্য কৰে জিলা সভাপতি হিমাংশু মহন্তই৷ আনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰে৷

মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

জিলা সম্পাদক দিপুল কুমাৰ নাথে আঁতধৰা আনুষ্ঠানটোত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ প্ৰমুখ্য কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়াই ৷ সোমবাৰৰ এই অনুষ্ঠানত জিলাখনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-অভিভাৱক উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details