অসম

assam

ETV Bharat / briefs

বিদুৎ নাই গতিকে নহ'ল পৰীক্ষা - Etv bharat Assam

পুনৰ অনা-অসমীয়া বিষয়াৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ ছাত্ৰ সন্থাৰ৷ বিদ্যুৎ নথকাৰ বাবে ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাক লৈ যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়া ৷

যোৰহাটত বিদুৎ নথকাৰ বাবে অ এন জি ছি ৰ অনলাইন পৰীক্ষা দিয়াৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

By

Published : Jun 14, 2019, 7:10 PM IST

যোৰহাট, 14 জুন: পুনৰ অনা-অসমীয়া বিষয়াৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ ছাত্ৰ সন্থাৰ৷ বিদ্যুৎ নথকাৰ বাবে ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাক লৈ যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়া৷

যোৰহাটত বিদুৎ নথকাৰ বাবে অ এন জি ছি ৰ অনলাইন পৰীক্ষা দিয়াৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

উল্লেখযোগ্য যে আজি ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অ-কাৰিকৰী বিভাগৰ পদৰ বাবে অন-লাইন লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল৷ আৰু এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত হৈছিল পৰীক্ষাকেন্দ্ৰত৷ কিন্তু পৰিতাপৰ বিষয় যে যোৰহাটৰ ফুকন আলিত অৱস্থিত গ্লবেল ইন্জ্ঞীনিয়াৰিং নামৰ শিক্ষা প্ৰতিষ্ঠানটোত পৰীক্ষা দিবলৈ নাপালে এই সকল পৰীক্ষাৰ্থীয়ে ৷ কাৰণ পৰীক্ষাকেন্দ্ৰটোত বিদ্যুৎ নথকাৰ বাবেই অনলাইন পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হয় এইসকল পৰীক্ষাৰ্থী ৷ যাৰ বাবে একাংশ ক্ষোভিত লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰীক্ষাকেন্দ্ৰটোত ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সদস্য উপস্থিত হৈ ঘটনাৰ সম্পৰ্কত যোৰহাটৰ চিনামৰাস্থিত ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাছত প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ উচ্চ পদস্থ বিষয়াই আহি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াতহে পৰীক্ষাৰ্থী সকল শান্ত হয়৷

ABOUT THE AUTHOR

...view details