হাজো, 28 জুন: এক বৰ্বৰ আৰু অমানৱীয় ঘটনাৰ সাক্ষী হ'ল হাজোৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৷ এগৰাকী শিক্ষয়িত্ৰী হৈ দানৱ সদৃশ কাম কৰিলে এইগৰাকী শিক্ষয়িত্ৰীয়ে ৷ হাজোৰ 'আদৰ্শ জাতীয় বিদ্যালয়'ৰ দীপিকা মেধি নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰচণ্ড ঘোচা সোধালে দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ ওপৰত ৷ পৰীক্ষাত কমকৈ লিখাৰ অভিযোগ তুলি ছাত্ৰী গৰাকীৰ ওপৰত এইদৰে আক্ৰমণ কৰে শিক্ষয়িত্ৰী গৰাকীয়ে ৷ দীপিকা মেধিৰ আঙুঠি পিন্ধি থকা হাতৰ ঘোচাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰী গৰাকী ৷ চেকণিৰ আগত বিদ্যা কেতিয়াবাই অতীত হ'ল যদিও একাংশ শিক্ষক নাম ধাৰী পিশাচে এইদৰে কণমানি ছাত্ৰীক তালিবাণী নৃশংসতাৰে আক্ৰমণ কৰা ঘটনাই এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে হাজোত ৷
হাজোত শিক্ষয়িত্ৰীৰ প্ৰহাৰত আহত হ'ল ছাত্ৰী - দীপিকা মেধি নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰচণ্ড ঘোচা সোধালে দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ ওপৰত
হাজোৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ দীপিকা মেধি নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰচণ্ড ঘোচা সোধালে দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ ওপৰত ৷ পৰীক্ষাত কমকৈ লিখাৰ অভিযোগ তুলি ছাত্ৰী গৰাকীৰ ওপৰত আক্ৰমণ কৰে শিক্ষয়িত্ৰী গৰাকীয়ে ৷
হাজোত শিক্ষয়িত্ৰীৰ প্ৰহাৰত আহত হ'ল ছাত্ৰী
ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ ইতিমধ্যে চিকিৎসকে ছাত্ৰী গৰাকীৰ চকুৰ আঘাত গুৰুতৰ বুলি জনাইছে পৰিয়ালবৰ্গক ৷