অসম

assam

By

Published : Jun 20, 2020, 9:12 PM IST

ETV Bharat / briefs

অনলাইনত প্ৰত্যক্ষ হ'ব ষ্টোনহেঞ্জ সংক্ৰান্তিৰ সূৰ্যোদয়

ইংলেণ্ডৰ ষ্টোনহেঞ্জত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন সংক্ৰান্তি সমাৰোহ কৰ'ণা মহামাৰীৰ বাবে এইবাৰ ডিজিটেল মাধ্যম কেমেৰাৰ জৰিয়তে উদযাপন কৰা হব । কেমেৰাসমূহ প্ৰাচীন পাথৰৰ মাজত ৰখা হ'ব, যাতে মানুহে ঘৰৰ পৰাই সূৰ্যোদয় প্ৰত্যক্ষ কৰিব পাৰে ।

অনলাইনত প্ৰত্যক্ষ হ'ব ষ্টোনহেঞ্জ সংক্ৰান্তিৰ সূৰ্যোদয়
অনলাইনত প্ৰত্যক্ষ হ'ব ষ্টোনহেঞ্জ সংক্ৰান্তিৰ সূৰ্যোদয়

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ জুন : ইংলেণ্ডৰ ষ্টোনহেজত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন সংক্ৰান্তি সমাৰোহ কৰ'ণা মহামাৰীৰ বাবে এইবাৰ পোনপটীয়াকৈ স্থগিত ৰখা হয় । হাজাৰ হাজাৰ ব্ৰিটিছ pagans, druids আৰু assorted revelers এই সমাৰোহৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰে ।

অনলাইনত প্ৰত্যক্ষ হ'ব ষ্টোনহেঞ্জ সংক্ৰান্তিৰ সূৰ্যোদয়

প্ৰাচীন পাথৰৰ গোলাকৃত ঘৰবোৰ দেখি English Heritageয়ে কয় যে,কৰ'ণা ভাইৰাছৰ প্ৰকোপ হ্ৰাস কৰিবলৈ এই অনুষ্ঠান স্থগিত ৰখাতো অসম্ভৱ হৈ পৰিছে । আৰক্ষী আৰু আপাতকালীন বিভাগৰ সৈতে মত-বিনিময় আৰু অন্য লোকৰ পৰামৰ্শ গ্ৰহণ কৰা পিছতহে অনুষ্ঠান স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।

অনলাইনত প্ৰত্যক্ষ হ'ব ষ্টোনহেঞ্জ সংক্ৰান্তিৰ সূৰ্যোদয়

উল্লেখ্য যে, ২১ জুন তাৰিখে ডিজিটেল মাধ্যমত কেমেৰাৰ জৰিয়তে এই অনুষ্ঠান উদযাপন কৰিব বুলি জ্যেষ্ঠ ঐতিহ্যবিদ চুচান গ্ৰীণিয়ে জানিবলৈ দিয়ে । কেমেৰাসমূহ প্ৰাচীন পাথৰৰ মাজত ৰখা হ'ব, যাতে মানুহে ঘৰৰ পৰাই সূৰ্যোদয় প্ৰত্যক্ষ কৰিব পাৰে । ইয়াৰে দুটা লাইভ কেমেৰা দেওবাৰে পুৱা ৩.৫২ বজাত হ'বলগীয়া সূৰ্যোদয়ৰ মূহুৰ্তটো বন্দী কৰিবলৈ প্ৰাচীৰ দিশত ৰখা হ'ব । সমগ্ৰ দৃশ্য English Heritageৰ চ'ছিয়েল মিডিয়া আৰু ফেচবুক পেজত উপলব্ধ হ'ব ।

লগতে পঢ়ক : খানাপাৰাত চলিছে বৃহৎ কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণৰ কাম

ABOUT THE AUTHOR

...view details