লখিমপুৰ,14 জুন: উৎকট গৰমৰ বাবে মৃত্যুক সাৱটি লয় ৰাজস্থানত কৰ্মৰত অসমৰ এজন জোৱানে। মৃত জোৱানজন লখিমপুৰৰ আজাদস্থিত ৰংপুৰীয়া গাঁৱৰ নিবাসী অনন্ত বৰুৱা বুলি জানিব পৰা গৈছে। ৰাজস্থানৰ আলৱাৰত কৰ্মৰত আছিল এছ এছ বি জোৱানজন।
উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ এছ এছ বি জোৱানৰ - অনন্ত বৰুৱা
উৎকট গৰমৰ বাবে মৃত্যুক সাৱটি লয় ৰাজস্থানত কৰ্মৰত অসমৰ এজন জোৱানে। মৃত জোৱানজন লখিমপুৰৰ আজাদস্থিত ৰংপুৰীয়া গাঁৱৰ নিবাসী অনন্ত বৰুৱা বুলি জানিব পৰা গৈছে।

উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ এছএছবি জোৱানৰ
উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ এছএছবি জোৱানৰ
২০০২ চনত চাকৰিত যোগদান কৰিছিল পুৰন্দৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ অনন্ত বৰুৱাই। ১২ জুনত উৎকট গৰমৰ বাবে কৰ্তব্যৰত অৱস্থাত হঠাৎ মৃত্যু হয় এছ এছ বিৰ ৩১ বেটেলিয়নৰ জোৱানজনৰ। আজি নিজগৃহত লখিমপুৰ আৰক্ষী-প্ৰশাসন আৰু চি আৰ পি এফৰ উপস্থিতিত জোৱানজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।