শিৱসাগৰ, ২২মে' : শিক্ষাখণ্ডৰ নীতি উলংঘন কৰি ৰাইজৰ দোষত পৰিল শিৱসাগৰ জিলাৰ মেলাচকৰস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এজন আচাৰ্য। অমৰ জ্যোতি গগৈ নামৰ আচাৰ্যজনে এজন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। যাৰ বাবে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় বিদ্যালয়খনত। কিছুদিন পূৰ্বে মগজুৰ অস্ত্ৰোপচাৰ হোৱা শিৰুমণি দাস নামৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক উপৰ্যুপৰি প্ৰহাৰ কৰা আচাৰ্য গৰাকীৰ বিৰুদ্ধে ছাত্ৰজনৰ পিতৃ-মাতৃৰ অভিযোগ।
গুৰুৰ প্ৰহাৰত গুৰুতৰভাৱে আহত শিষ্য - অমৰ জ্যোতি গগৈ
শিৱসাগৰ জিলাৰ মেলাচকৰস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অমৰ জ্যোতি গগৈ নামৰ আচাৰ্যজনে এজন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে, যাৰ বাবে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় বিদ্যালয়খনত

ঘটনা অনুসৰি,পাঠদান চলি থকাৰ সময়ত শিৰুমণি দাস নামৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ এজনে সমনীয়াৰ লগত কথা পাতি আছিল। ছাত্ৰজনে কথা পাতি থকা অমৰ জ্যোতি গগৈ নামৰ আচাৰ্যজনে প্ৰত্যক্ষ কৰে আৰু গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ছাত্ৰজনক। ইয়াৰ পাছতেই,ছাত্ৰজনে ঘৰলৈ গৈ মাতৃক ঘটনাৰ বিৱৰণী দি স্কুললৈ আৰু কেতিয়াও নোযোৱাৰ কথা উল্লেখ কৰে। পাছত,মাতৃয়ে ছাত্ৰজনৰ শৰীৰত তেজৰ দাগ দেখা পায়। ইয়াৰ পিচতে ক্ষোভিত হৈ পৰে ছাত্ৰজনৰ পিতৃ-মাতৃ আৰু গুৰুতৰভাৱে অসুস্থ হৈ পৰা ছাত্ৰজনৰ পিতৃ যোগেশ দাসে শিৱসাগৰ জিলা উপায়ুক্তক লিখিতভাৱে প্ৰদান কৰে অভিযোগ। উপায়ুক্তই ঘটনাৰ উচিত তদন্ত কৰা হ'ব বুলি আশ্বাস দিয়ে পৰিয়ালটিক।