চিটাৰা ডেস্ক, ১৩ জুন: বলিউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰাণাৰ জীৱনৰ লক্ষ্য কণ্ঠশিল্পী হোৱা সন্দৰ্ভত বলিউডৰ আন এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী পলাশ সেনৰ মনৰ ভাৱ প্ৰকাশ । বলিউডৰ এজন সফল অভিনেতা হিচাপে পৰিচিত যদিও আয়ুষ্মান খুৰাণাৰ শৈশৱৰ পৰাই এজন প্ৰতিষ্ঠিত গায়ক হোৱাৰ আশা মনত পুহি ৰাখিছিল ।
এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী হোৱা সন্দৰ্ভত আয়ুষ্মান খুৰাণাৰ ফটো শ্বেয়াৰ কণ্ঠশিল্পী পলাশ সেনৰ - কণ্ঠশিল্পী পলাশ সেনৰ মনৰ ভাৱ প্ৰকাশ
কণ্ঠশিল্পী পলাশ সেনে চ'ছিয়েল মিডিয়াযোগে অভিনেতা আয়ুষ্মান খুৰাণাৰ এখন সংগীত অডিশ্যনৰ ফটো শ্বেয়াৰ কৰি আয়ুষ্মানে শৈশৱৰ পৰাই এজন প্ৰতিষ্ঠিত গায়ক হোৱাৰ আশা মনত পুহি ৰখাৰ কথা ব্যক্ত কৰে ।

কণ্ঠশিল্পী পলাশ সেনে চ'ছিয়েল মিডিয়াযোগে আয়ুষ্মান খুৰাণাৰ এখন সংগীত অডিশ্যনৰ ফটো শ্বেয়াৰ কৰি কয় যে,সেই সময়ত আয়ুষ্মানে সংগীতময় জগতৰ কথা চিন্তা কৰিছিল,যেতিয়া তেওঁ এজন কণ্ঠশিল্পী হোৱাৰ সপোন দেখিছিল । লগতে পলাশ সেনে সদৰী কৰে যে,যুফোৰিয়া লাইভ শ্বত আয়ুষ্মান খুৰাণাই তেওঁক সংগ দিছিল । আয়ুষ্মানৰ জীৱনৰ ১৭ বছৰ আগলৈ উভতি যোৱা পলাশ সেনে অলপতে মুক্তি পোৱা আয়ুষ্মান খুৰাণাৰ‘Gulaabo Sitaabo’ছবিখন আমাজন প্ৰাইম ভিডিঅ'ত সকলোকে চাবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: ৰাজস্থান আৰ্মড কোম্পানীৰ 8 গৰাকী জোৱান COVID-19 পজিটিভ