অসম

assam

ETV Bharat / briefs

মৰিগাঁৱত জনপ্ৰিয় গায়িকাৰ ৰহস্য জনক আত্মহত্যা: সন্দেহৰ আৱৰ্তত প্ৰেমিক - Etv Bharat

মৰিগাঁৱত জনপ্ৰিয় কণ্ঠশিল্পী জাগ্ৰিতী দেৱীৰ আত্মহত্যা ৷ প্ৰেমিক বিজু নাথলৈ সন্দেহৰ আঙুলী প্ৰেমিকাৰ পৰিয়ালৰ ৷

মৰিগাঁৱত জনপ্ৰিয় গায়িকাৰ ৰহস্য জনক আত্মহত্যা: সন্দেহৰ আৱৰ্তত প্ৰেমিক

By

Published : Jun 9, 2019, 5:11 PM IST

মৰিগাঁও, 9 জুন: মৰিগাঁৱত জনপ্ৰিয় কণ্ঠশিল্পী জাগৃতি দেৱীৰ আত্মহত্যা ৷ প্ৰেমিক বিজু নাথলৈ সন্দেহৰ আঙুলি প্ৰেমিকাৰ পৰিয়ালৰ ৷ বহুদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল দুয়োৰে মাজত ৷ সৰগীয় প্ৰেমৰ শেষ পৰিণতি বিবাহ নহয় প্ৰেয়সী জাগৃতি দেৱীয়ে অন্তিম পৰ্যায়ত বাছি ললে আত্মহননৰ পথ ৷ উত্থাপিত অভিযোগ অনুসৰি আত্মহত্যা কৰাৰ কিছু মুহুৰ্ত আগত প্ৰেমিক বিজু নাথৰ লগত হোৱাটছএপত ভিডিঅ কল কৰিছিল জাগৃতি দেৱীয়ে ৷ কল কৰাৰ কিছু সময় পিছতেই আত্মহত্যাৰ কৰে যুৱতীগৰাকীয়ে ৷

পেছাত জাগৃতি আছিল এগৰাকী কণ্ঠশিল্পী ৷ নিজৰ অনুষ্ঠান সমূহৰ বাবে মঞ্চই মঞ্চই গীত পৰিবেশন কৰিব লগা হৈছিল জাগৃতিয়ে ৷ সেয়েহে প্ৰেয়সী জাগ্ৰিতীক সন্দেহৰ চকুৰে চাইছিল প্ৰেমিক বিজুৱে ৷ শিল্পীগৰাকীক সহ শিল্পীৰ লগত সন্দেহ কৰি শাৰিৰীক আৰু মানসিকবাৱে নিৰ্যাতন চলাইছিল প্ৰেমিক বিজু নাথে ৷ সেয়েহে অন্তিম পৰ্যায়ত আত্মহননৰ পথ বাছি লয় প্ৰেয়সী জাগৃতি দেৱীয়ে ৷

মৰিগাঁৱত জনপ্ৰিয় গায়িকাৰ ৰহস্য জনক আত্মহত্যা: সন্দেহৰ আৱৰ্তত প্ৰেমিক

হতভগীয়া জাগৃতিৰ পৰিয়ালে সদৰী কৰা মতে ঘটনাৰ দিনা প্ৰেমিকৰ লগত মোবাইলত বাৰ্তালাপ কৰি থাকোতে দুয়োৰে মাজত বাক-বিতণ্ডা লাগে যাৰ বাবে আত্মহত্যা কৰে জাগৃতিয়ে। আনহাতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে শিল্পী গৰাকীৰ পিতৃয়ে ৷

ABOUT THE AUTHOR

...view details