শিলচৰ,২৩মে' : বৃহস্পতিবাৰে ঘোষিত হোৱা সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলত ডাঃ ৰাজদ্বীপ ৰয়ে আশানুৰূপ ফল দেখুওৱাৰ পাছতেই প্ৰথমখন সংবাদমেল সম্বোধন কৰে ডাঃ ৰয়ে । সংবাদমেলত এই বৰ্ষৰ নিৰ্বাচনে বৰাকত নতুন ৰাজনৈতিক সংস্কৰণ ঘটোৱাৰ লগতে প্ৰায় ৫২ শতাংশ ভোটেৰে শিলচৰত জয়ী হোৱাত আনন্দিত বুলি মন্তব্য কৰে ৰয়ে । ৰয়ৰ মতে, প্ৰথমবাৰ শিলচৰ সংসদীয় আসনত দ্বি-মুখী প্ৰতিদ্বন্দিতাত জয়ী হৈছে বিজেপি । সংবাদমেলত বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থাক উন্নত কৰাই ৰয়ৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰে । পথ, ৰেল,বিমান,জলপথ আৰু ইন্টাৰনেটতো বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে ৰয়ে ।
শিলচৰত ডাঃ ৰাজদ্বীপ ৰয়ৰ সংবাদমেল
সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলত ডাঃ ৰাজদ্বীপ ৰয়ে আশানুৰূপ ফল দেখুওৱাৰ পাছতেই প্ৰথমখন সংবাদমেল ডাঃ ৰয়ে ৫২ শতাংশ ভোটেৰে জয়যুক্ত হোৱাৰ বাবে আনন্দিত বুলি মন্তব্য কৰে , বৰাকৰ উন্নতিৰ বাবে সদায় ৰয়ে কাম কৰিব বুলি সংবাদমেলত ৰয়ে মন্তব্য কৰে
শিলচৰত ডাঃ ৰাজদীপ ৰয়ৰ সংবাদমেল
আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগতো ৰয়ে কয়, ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ যিসকলে বিৰোধীতা কৰিছে তেওঁলোকে কেৱল টেলিভিছনৰ সন্মুখতে বহি কৰিছে, সন্মুখত আহি কৰিব নোৱাৰে ।
অন্য এক খবৰৰ বাবে : বি টাউনবাসীয়ে শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক
Last Updated : May 24, 2019, 7:37 PM IST