অসম

assam

ETV Bharat / briefs

শিৱসাগৰৰ মহিলাই কোনোপধ্যে স্থাপন হ'বলৈ নিদিয়ে দেশীয় সুৰাৰ পাইকাৰী গুডাম

বৃহস্পতিবাৰে আবকাৰী বিভাগে শিৱসাগৰ নামতি খনিকৰত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন কৰাৰ শুনানি দিয়াৰ পাছতেই অঞ্চলটোৰ মহিলাসকল উত্তেজিত হৈ পৰে, স্থানীয় মহিলাসকলে দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপনৰ বিৰোধীতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

By

Published : Jun 6, 2019, 6:51 PM IST

শিৱসাগৰত প্ৰতিবাদ মহিলাৰ

আমগুৰি,৬জুন : বৃহস্পতিবাৰে শিৱসাগৰ নামতি খনিকৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । বৃহত্তৰ জনবসতিপূৰ্ণ এলেকাত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন সন্দৰ্ভত স্থানীয় মহিলাসকলে আবকাৰী বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰী মহিলাসকলে অঞ্চলটোত দেশীয় সুৰাৰ পাইকাৰী গুডাম কোনো কাৰণতে স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি দাবী উত্থাপন কৰে ।

শিৱসাগৰত প্ৰতিবাদ মহিলাৰ

আবকাৰী বিভাগে অঞ্চলটোৰ গাঁওবুঢ়া আৰু জিলা প্ৰশাসনৰ মাজত ৰাজহুৱাভাৱে প্ৰকাশ কৰা এই শুনানিৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ । ইফালে, এই শুনানিত সাংবাদিকৰ প্ৰৱেশতো বাধা দিয়াত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।

ABOUT THE AUTHOR

...view details