অসম

assam

ETV Bharat / briefs

শ্বাহজাহপুৰত উঠাই লোৱা হ'ল বিজেপি নেতাৰ গোচৰ - শ্বাহজাহপুৰ

শ্বাহজাহপুৰৰ আইন বিভাগৰ এগৰাকী ছাত্ৰীয়ে প্ৰাক্তন বিজেপি নেতা চিন্ময়ানন্দৰ বিৰুদ্ধে উত্থাপন কৰা এক অভিযোগ অৱশেষত ল’লে উঠাই । নেতা গৰাকীৰ বিৰুদ্ধে ছাত্ৰীগৰাকীয়ে উত্থাপন কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ । এই লৈ লক্ষ্ণৌৰ এখন আদালতত ৰুজু হৈছিল এটা গোচৰ । অৱশেষত ছাত্ৰী গৰাকীয়ে উঠাই লৈছে গোচৰটো ।

Shahjahanpur law student withdraws rape charges against Chinmayanand
শ্বাহজাহপুৰত উঠাই লোৱা হ'ল বিজেপি নেতাৰ গোচৰ

By

Published : Oct 14, 2020, 5:38 PM IST

নিউজ ডেস্ক, 14 অক্টোবৰঃ 2019 চনত এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছিল লক্ষ্ণৌ । প্ৰাক্তন বিজেপি নেতা চিন্ময়ানন্দৰ বিৰুদ্ধে আইন বিভাগৰ এগৰাকী ছাত্ৰীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰুজু কৰিছিল এটা গোচৰ ।

গোচৰ অনুসৰি, প্ৰাক্তন বিজেপি নেতা গৰাকীয়ে ছাত্ৰী গৰাকীক চলাইছিল যৌন নিৰ্যাতন ৷ অৱশেষত ভুক্তভোগী ছাত্ৰী গৰাকীয়ে মঙলবাৰে লক্ষ্ণৌৰ এখন বিশেষ আদালতত উঠাই ললে এই গোচৰটো ।

শেহতীয়াকৈ ভুক্তভোগী ছাত্ৰী গৰাকীয়ে আদালতত স্পষ্টভাৱে প্ৰকাশ কৰিলে যে,প্ৰাক্তন বিজেপি নেতা গৰাকী এই কাৰ্যৰ লগত জড়িত নহয় ।

লগতে পঢ়ক :COVID-19: ভাৰতৰ সাম্প্ৰতিক তথ্য

ইফালে, এই নিৰ্দেশনাৰ পিচতে লক্ষ্ণৌত সৃষ্টি হৈছে আন এক বিতৰ্ক । ভুক্তভোগী ছাত্ৰী গৰাকীয়ে গোচৰটো উঠাই লোৱা কাৰণ বিচাৰি ভাৰতীয় দণ্ডবিধি আইনৰ 340 নং ধাৰাৰ অধীনত মিছা গোচৰ জাপি দিয়াৰ অভিযোগত এক এজাহাৰ দাখিল কৰি আৰম্ভ কৰিছে তদন্ত ।

উল্লেখ্য যে, শ্বাহজাহপুৰৰ চিন্ময়ানন্দ আশ্ৰমৰ আৱাসী আছিল ছাত্ৰী গৰাকী । এই ছাত্ৰী গৰাকীয়ে উত্থাপন কৰিছিল এই গোচৰ ৷ 2019 চনৰ 20 ছেপ্তেম্বৰত সংঘটিত হোৱা এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ লক্ষ্ণৌত

লগতে পঢ়ক :ছত্তিশগড়ত নক্সালবাদীৰ ঘাটি উৎখাত

ABOUT THE AUTHOR

...view details