অসম

assam

ETV Bharat / briefs

শ্ৰীলংকাৰ বোমা-বিস্ফোৰণৰ পিছত সৰৱ আৰক্ষী: আতংকিত অঞ্চলবাসী - আম্পাৰা

শ্ৰীলংকাত হোৱা আত্মঘাটী বোমা বিস্ফোৰণৰ পিছত সৰৱ হৈ পৰিছে দেশৰ আৰক্ষী-প্ৰশাসন৷ দেওবাৰে পুৱা স্নিফাৰ ডগ লৈ শ্ৰী লংকাৰ আম্পাৰা জিলাৰ এখন সাপ্তাহিক বজাৰৰ সমীক্ষা কৰে আৰক্ষীয়ে৷

শ্ৰীলংকাৰ বোমা-বিস্ফোৰণৰ পিছত সৰৱ আৰক্ষী: আতংকিত অঞ্চলবাসী

By

Published : Apr 29, 2019, 3:51 AM IST

আম্পাৰা, 29 এপ্ৰিল: শ্ৰীলংকাত হোৱা আত্মঘাটী বোমা বিস্ফোৰণৰ পিছত সৰৱ হৈ পৰিছে দেশৰ আৰক্ষী-প্ৰশাসন৷ দেওবাৰে পুৱা স্নিফাৰ ডগ লৈ শ্ৰী লংকাৰ আম্পাৰা জিলাৰ এখন সাপ্তাহিক বজাৰৰ সমীক্ষা কৰে আৰক্ষীয়ে৷ আত্মঘাটী বোমা বিস্ফোৰণৰ পিছত শুক্ৰবাৰে আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীবৰ্ষণৰ ঘটনাইও সমগ্ৰ জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে৷ য'ত 6 জন শিশুৰ লগত প্ৰায় 15 জন লোক নিহত হয়৷

শ্ৰীলংকাৰ বোমা-বিস্ফোৰণৰ পিছত সৰৱ আৰক্ষী: আতংকিত অঞ্চলবাসী

চান্দ্ৰীমা কৃষ্ণান্থী নামৰ এজন ব্যৱসায়ীয়ে কোৱা মতে বোমা বিস্ফোৰণৰ ফলত মানুহৰ মাজত বিৰাজ কৰিছে এক ভয়৷ আতংকিত লোকসকলে আনকি বজাৰ-সমাৰলৈ অহাও বাদ দিছে৷ আগতে যিদৰে মুছলীম, তামিল আৰু সিংহলী সম্প্ৰদায়ৰ লোকসকল সুখ-শান্তিৰে একেলগে বাস কৰিছিল, এই বিস্ফোৰণৰ ঘটনাই লোকসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে বুলি ব্যক্ত কৰে ওৱাই.জি কৰুণায়ে৷ শুক্ৰবাৰৰ গুলীবৰ্ষণৰ ঘটনাৰ পিছতেই আৰক্ষীয়ে বোমা নিৰ্মাণ কৰা সকলো সামগ্ৰী জব্দ কৰিছে

আৰক্ষীৰ তালাচীৰ সময়ত দুজন সন্ত্ৰাসবাদীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়৷ দুখন আই.এছ পতাকা ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱাৰ বাবে এই কথাৰ অনুমান কৰিছে আৰক্ষীয়ে৷

ABOUT THE AUTHOR

...view details