অসম

assam

ETV Bharat / briefs

হাটশিঙিমাৰীৰ বেৰাভাঙাত বালি মাফিয়াৰ দপদপনি - বালি খনন

হাটশিঙিমাৰীৰ বেৰাভাঙাত বালি মাফিয়াৰ দপদপনি । বন বিভাগৰ ৰহস্যজনক ভুমিকাৰ বাবে ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা শ-শ পৰিয়ালৰ। কাণসাৰ নাই বনবিভাগ আৰু জিলা প্ৰসাশনৰ ।

হাটশিঙিমাৰীৰ বেৰাভাঙা
হাটশিঙিমাৰীৰ বেৰাভাঙা

By

Published : Dec 13, 2020, 3:17 PM IST

ধুবুৰী, ১৩ ডিচেম্বৰ :এফালে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱ, আনফালে বালি মাফিয়াৰ তাণ্ডৱৰ ফলত চৰম ভাবুকি আহিছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ এক বৃহত্তৰ অঞ্চললৈ । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মলাখোৱা গাঁও পঞ্চায়তৰ বেৰাভাঙাত অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বালি খনন কাৰ্য চলাৰ অভিযোগ । যিয়ে ভাবুকি কঢ়িয়াই আনিছে নৈপৰীয়া শ-শ পৰিয়াল লৈ ।

ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা অবৈধ বালি খনন কাৰ্য বন্ধ নকৰিলে এই অঞ্চলৰ প্ৰতিষ্ঠান আৰু বাকী গাঁওসমূহ অচিৰেই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব পাৰে বুলি অভিযোগ উত্থাপন কৰে নৈপৰীয়া ৰাইজে ।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰা অসম বিজেপি মিত্ৰজোঁট চৰকাৰৰ বন বিভাগ আৰু জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা অবৈধ বালি খনন কাৰ্য্য চলোৱা চক্ৰৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। বন বিভাগে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

এতিয়া জিলা প্ৰশাসনক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যদিও, প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ।

লগতে পঢ়ক:CAA ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত উত্তাল জোনাই

ABOUT THE AUTHOR

...view details