ডিব্ৰুগড়, 27 জুনঃ ডিব্ৰুগড় জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । 2017 চনৰ 22এপ্ৰিলত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলনৰ অনুষ্ঠানত ছ'চিয়েল মিডিয়াৰ জৰিয়তে 10 মিটাৰ দূৰৰ পৰা জুবিনক 9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল টুল টুল বাগলাৰী ওৰফে কাই খাপলাং আৰু মুকুল গগৈ ওৰফে মুকুল আহোম শিৱসাগৰীয়া নামৰ দুজন যুৱকে। এই ঘটনাৰ এদিন পাছতে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত সহকাৰী উপ পৰিদৰ্শক দিপেন্দ্ৰ ছেত্ৰীয়ে ৰুজু কৰিছিল এক গোচৰ। GR 1298/17,12(B)387/506 নম্বৰৰ গোচৰ সংক্ৰান্তত বৃহস্পতিবাৰে জুবিন গাৰ্গ উপস্থিত হ'ব লগা হয় ডিব্ৰুগড় আদালতত। কিন্তু জুবিন জুবিনেই । পুনৰ এবাৰ বিশাল অন্তৰৰ পৰিচয় দি প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই যুৱকক আদালতৰ মজিয়াতে ক্ষমা কৰি দিলে জুবিনে। লগতে অভিযুক্ত দুই যুৱকক খাৰঘুলীৰ নিজ গৃহলৈও মাতি যায় জুবিন গাৰ্গে ৷ কেৱল সেয়াই নহয়, ছ'চিয়েল মিডিয়া ভাল কামত ব্যৱহাৰ কৰিবলৈও আহ্বান জনালে জুবিনে ।
প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই যুৱকক আদালতৰ মজিয়াতেই ক্ষমা জুবিনৰ - হাৰ্টথ্ৰব জুবিন গাৰ্গ
পুনৰ এবাৰ বিশাল অন্তৰৰ পৰিচয় দি প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই যুৱকক আদালতৰ মজিয়াতে ক্ষমা কৰি দিলে জুবিনে। লগতে অভিযুক্ত দুই যুৱকক খাৰঘুলীৰ নিজ গৃহলৈও মাতি যায় জুবিন গাৰ্গে ৷
প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই যুৱকক আদালতৰ মজিয়াতেই ক্ষমা জুবিনৰ
অৱশ্যে ইয়াতেই শেষ নহ'ল জুবিনৰ আদালতত হাজিৰ প্ৰক্ৰিয়া। গোচৰ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে অধিবক্তাসকল একপ্ৰকাৰ উবুৰি খাই পৰিল জুবিনৰ ওপৰত। ডিব্ৰুগড়ৰ ন-পুৰণি অধিবক্তাই চাৰিও দিশৰ পৰা আৱৰি ফুল গামোচাৰে আদৰিলে মৰমৰ গায়ক জুবিন গাৰ্গক।
Last Updated : Jun 27, 2019, 7:31 PM IST