নিউজ ডেস্ক, ১ জুলাই : চলমান খান অভিনীত ছবি 'টিউবলাইট'ক অভাৰৰেটেড ছবি বুলি উল্লেখ কৰে 'বাধাই হো' ছবিৰ পৰিচালক অমিত শৰ্মাই । শেহতীয়াকৈ তেখেতে চোৱা এখন অভাৰৰেটেড ছবিৰ নাম শোধাত 'টিউবলাইট' ছবিৰ নাম উল্লেখ কৰে পৰিচালকগৰাকীয়ে। লগতে, তেখেতে 'টিউবলাইট' ছবিখনৰ পৰিচালনা আৰু অধিক উন্নত হোৱাৰ স্থান আছিল বুলিও উল্লেখ কৰে।
উল্লেখ্য যে, 'বজৰংগী ভাইজান' আৰু 'এক থা টাইগাৰ'ৰ পাছত কবিৰ খানৰ পৰিচালনাত নিৰ্মিত তৃতীয়খন ছবি আছিল 'টিউবলাইট'। ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত হোৱা যুদ্ধৰ পটভূমিৰ ওপৰত ভিত্তি কৰি আৰু ২০১৫ বৰ্ষত মুক্তি লাভ কৰা ছবি 'লিটিল বয়'ৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছিল 'টিউবলাইট' ছবিখন।
'Zee Cafe'ৰ এটা অনুষ্ঠানত পৰিচালক অমিত শৰ্মাক 'বাধাই হো' ছবিৰ অভিনেতা আয়ুস্মান খুড়ানা সন্দৰ্ভত শোধা প্ৰশ্নত তেখেতে অভিনেতাগৰাকীৰ বুদ্ধিমান আৰু অনুভূতিশীল বুলি উল্লেখ কৰে। তদুপৰি, ছবিখনৰ কাহিনী অতি সুন্দৰ আছিল বুলি পৰিচালকগৰাকীয়ে প্ৰকাশ কৰে।