লুনপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা - অত্যাধিক সুৰা
তিতাবৰৰ লুনপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা,দুৰ্ঘটনাত আহত গাড়ীচালকসহ তিনিজন লোক
![লুনপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3068216-thumbnail-3x2-accijpg.jpg)
লুনপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
তিতাবৰ,২১ এপ্ৰিল : দেওবাৰে তিতাবৰৰ লুনপুৰীয়াত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । As05G1216 নম্বৰৰ এখন চাৰিচকীয়া এলট্ৰ' গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হয় গাড়ীচালকসহ তিনিজনকৈ লোক । অত্যধিক সুৰা পান কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । ইতিমধ্যেই সংকটজনক অৱস্থাত গাড়ীচালকসহ তপন বৰঠাকুৰ, মুকুল পাটগিৰিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
লুনপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা