বকো,28 মাৰ্চ:বকোৰ কেন্দুগুৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা । নম্বৰ প্লেট বিহীন এখন নতুন পালচাৰ মটৰচাইকেল দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বকোৰ ডেলীয়াপাৰা গাঁৱৰ নৱজিৎ ৰাভা(২৩) নামৰ যুৱক জন ।
ইপিনে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । কিন্তু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যুৱক জনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।